মানকাচৰৰ পৰা চান বৰ আলী
কালি বিশ্ব কৰ্কট ৰোগ দিৱসৰ লগত সংগতি ৰাখি দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত এনএছএছ ৰ উদ্যোগত বিশ্ব কৰ্কট ৰোগ দিৱস পালন কৰে ৷ হাটশিঙিমাৰী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে জিলাখনৰ কেইবাখনো বিদ্যালয়ৰ প্ৰায় দুই শতাধিক ছাত্ৰ-ছাত্ৰীয়ে দিৱস পালনত অংশগ্ৰহণ কৰে ৷
ৰাষ্ট্ৰীয় সেৱা যোজনা (এন এছ এছ) ৰ প্ৰগ্ৰাম অফিছাৰ ডঃ আব্দুল কৰিম, মহাবিদ্যালয়ৰ উপাধ্যক্ষ জহিৰুল ইছলামৰ লগতে মহাবিদ্যালয়ৰ প্ৰবক্তা আৰু বিভিন্ন স্কুল, কলেজৰ পৰা অহা ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে ৷ কৰ্কট ৰোগৰ পৰা কেনেকৈ হাত সাৰি থাকিব পাৰি, সেই সন্দৰ্ভত ৰাইজক সজাগ কৰিবলৈ এটা বিশাল শোভাযাত্ৰা উলিয়াই গুটকা জাতীয় সামগ্ৰী, ধূমপান ত্যাগ কৰাৰ বাবে আহ্বান জনায়।
- Log in to post comments
- 17 views