শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়গোহাঁই
নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আজি সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো ১০ ঘণ্টীয়া অনশনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাই পুৱা ৬ বজাত নগৰৰ মাজমজিয়াত থকা ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত এই অনশনৰ কাৰ্যসূচী ৰূপায়ণ কৰে। অনশনৰ কাৰ্যসূচীত জিলা ছাত্ৰ সন্থাৰ সম্পাদক সমীৰণ ফুকন, আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মানৱজ্যেতি কলিতাক, সম্পাদক দীপাংকৰ শইকীয়াকে ধৰি শতাধিত সদস্যই অংশ লয়।
আনহাতে হাতীঘূলী আঞ্চলিকেও ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত শান্তি পাৰা অঞ্চলত পুৱা ৬ বজাৰ পৰা অনশনৰ কাৰ্যসূচী ৰূপায়ণ কৰে। শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা গোবিন ফুকনৰ নেতৃত্বত ৫০ জনীয়া আছুৰ হাতীঘূলি আঞ্চলিকৰ নেতা-কৰ্মীয়ে অনশন কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
ইয়াৰোপৰি দিচাংধাই আলি আঞ্চলিক, গৌৰীসাগৰ আঞ্চলিক, জাঁজী আঞ্চলিক, আমগুৰি আঞ্চলিক, শলগুৰি আঞ্চলিক, কোঁৱৰপুৰ আঞ্চলিকেও নিজ নিজ অঞ্চলত ১০ ঘনণ্টীয়া অনশনৰ কাৰ্যসূচী ৰূপায়ণ কৰে।
- Log in to post comments
- 12 views