বঙাইগাঁৱত কাব্য কানন বহুভাষিক কবি সন্মিলনৰ দ্বিতীয় দ্বিবাৰ্ষিক অধিবেশন সম্পন্ন

বঙাইগাঁৱত কাব্য কানন বহুভাষিক কবি সন্মিলনৰ দ্বিতীয় দ্বিবাৰ্ষিক অধিবেশন সম্পন্ন

অসম কবি সন্মিলনৰ অন্তৰ্গত নিউ বঙাইগাঁও শাখা কাব্য কানন বহুভাষিক কবি সন্মিলনৰ দ্বিতীয় দ্বিবাৰ্ষিক অধিবেশনখন দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে বঙাইগাঁৱৰ বীৰঝৰা পাব্লিক লাইব্ৰেৰীত অনুষ্ঠিত হৈ যায়৷ অধিৱেশনৰ কাৰ্যসূচী অনুসৰি পুৱা সন্মিলনৰ পতাকা উত্তোলনেৰে অধিৱেশনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি মুকুন্দ শৰ্মাই৷ ইয়াৰ পিচতে স্মৃতি তৰ্পণ কৰ্যসূচী মুকলি কৰে বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ গণেশ্বৰ দেৱশৰ্মা, দীনেশ চন্দ্ৰ দাস আৰু কাব্য কাননৰ উপদেষ্টা জ্যোৎস্না বিশ্বাস দে'য়ে৷

আনহাতে, বন্তি প্ৰজ্বলন কৰে ৰে'লৱে' উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা গীতা দেৱী, বঙাইগাঁও মহাবিদ্যালয়ৰ মুৰব্বী অধ্যাপক ডঃ নুৰ জামাল, অসম কবি সন্মিলনৰ সভাপতি অজিত দত্ত, পত্ৰিকা সম্পাদিকা নঞ্জু দত্ত আদিয়ে৷ এই কাৰ্যসূচীৰ পিচতে বঁটা বিতৰণ আৰু মুখপত্ৰ উন্মোচন অনুষ্ঠান অনুষ্ঠিত হয়৷ অভ্যৰ্থনা সমিতিৰ সভাপতি মুকুন্দ শৰ্মা আৰু কাব্য কানন বহুভাষিক কবি সন্মিলনৰ সভাপতি কাজী শ্বামীমৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে কাব্য কাননৰ সম্পাদক শৈলেন্দ্ৰ প্ৰসাদ শৰ্মাই৷ আনহাতে, আদৰণী ভাষণ পাঠ কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি মুকুন্দ শৰ্মাই৷

বঙাইগাঁৱত কাব্য কানন বহুভাষিক কবি সন্মিলনৰ দ্বিতীয় দ্বিবাৰ্ষিক অধিবেশন সম্পন্ন

সেইদৰে সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে শৈলেন্দ্ৰ প্ৰসাদ শৰ্মাই৷ অনুষ্ঠানত অসম কবি সন্মিলনৰ সভাপতি অজিত দত্তই মুখ্য অতিথি আৰু পত্ৰিকা সম্পাদিকা নঞ্জু দত্তই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে৷ একেদৰে বঙাইগাঁও মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি গোপেশ্বৰ তালুকদাৰেও বক্তব্য ৰাখে৷ অনুষ্ঠানত সদৌ অসম ভিত্তিত অনুষ্ঠিত হোৱা কবিতা প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহো বিতৰণ কৰা হয়৷

বঙাইগাঁৱত কাব্য কানন বহুভাষিক কবি সন্মিলনৰ দ্বিতীয় দ্বিবাৰ্ষিক অধিবেশন সম্পন্ন

আনহাতে, কাব্য কাননৰ মুখপত্ৰ 'সৌৰভ' উন্মোচন কৰে বঙাইগাঁওস্থিত স্বাগত হাস্পতালৰ পৰিচালন সঞ্চালক তথা বিশিষ্ট চিকিৎসক শংকৰ কুমাৰ দাসে৷ অনুষ্ঠানত কবি তথা সাহিত্যিক হৰিধন ডেকা, বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ গণেশ্বৰ দেৱশৰ্মা, ৰিণা ভট্টাচাৰ্য, অসম কবি সন্মিলনৰ যুটীয়া সম্পাদিকা জ্যোৎস্না বিশ্বাস, বঙাইগাঁও জিলাৰ উন্নয়ন আয়ুক্ত চন্দ্ৰা দেৱী আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে৷

এই অনুষ্ঠানৰ পিচতে অনুষ্ঠিত কবি সন্মিলন উদ্বোধন কৰে বঙাইগাঁও জিলাৰ উন্নয়ন আয়ুক্ত চন্দ্ৰ দেৱীয়ে৷ কবি সন্মিলনখন সঞ্চালনা কৰে মুকুনন্দ শৰ্মা আৰু কাজী শ্বামীমে৷ কবি সন্মিলনত নবীন-প্ৰবীণ কবিকে ধৰি বহুসংখ্যক কবিয়ে নিজৰ নিজৰ কবিতা পাঠ কৰে৷

Your Comments