মানকাচৰৰ পৰা চানবৰ আলী
নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত আজি দক্ষিণ শালমাৰা মানকাচৰ মহকুমা আছুৰ উদ্যোগত আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলা দেশী জনগোষ্ঠীয় মঞ্চৰ সহযোগত দক্ষিণ শালমাৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সম্মুখত পুৱা ৬ বজাৰ পৰা আবেলি ৪ বজালৈ ১০ ঘণ্টীয়া অনশন কাৰ্যসূচী গ্ৰহণ কৰি বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰে৷ উক্ত অনশন কাৰ্যসূচীত উপস্থিত থাকি সদৌ দক্ষিণ শালমাৰা মানকাচৰ মহকুমা আছুৰ সাধাৰণ সম্পাদক চৰিফুল ইছলাম প্ৰধানীয়ে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে এই জাতিধ্বংসী বিধেয়ক বাতিল হ'বই লাগিব৷
অসমৰ ৰাইজে ইয়াক কেতিয়াও মানি নলয় আৰু মানি লোৱা নহ'ব৷ এই বিধেয়ক বাতিল নোহোৱালৈকে আমাৰ ধাৰাবাহিক গণতান্ত্ৰিক আন্দোলন চলিছে আৰু ভৱিষ্যতে চলিবই৷ দেশী জনগোষ্ঠীৰ নেতা মইনুল হকে দেশী জনগোষ্ঠীয় মঞ্চৰ ফালৰ পৰা অসম তথা কেন্দ্ৰীয় চৰকাৰক সকীয়াই দি এই জাতিধ্বংসী বিধেয়কখন বৃহত্তৰ অসমীয়া আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সমূহ জাতিৰ আবেগ আৰু ৰাইজে কৰা বিৰোধিতাৰ প্ৰতি সঁহাৰি জনাই বাতিল কৰিবলৈ আহ্বান জনায়৷ নহ'লে অদূৰ ভৱিষ্যতে এই আন্দোলনে ভয়ংকৰ ৰূপ লোৱাৰ আশংকা নুই কৰিব নোৱাৰি বুলিও তেওঁ উল্লেখ কৰে৷
- Log in to post comments
- 11 views