সোণাৰিৰ পৰা ঘন বৰা
সোণাৰিত জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আজি বৰহাটত কৃষক মুক্তি সংগ্ৰাম সমিতি, যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত ৰে'লপথ অৱৰোধ কৰা প্ৰায় শতাধিক প্ৰতিবাদকাৰীক বৰহাট আৰক্ষীয়ে আটক কৰাৰ পাছতে তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। প্ৰতিবাদকাৰীক আটক কৰা খবৰ পোৱা মাত্ৰে বহুকেইটা দল-সংগঠন, শতাধিক ৰাইজ ওলাই আহি পুনৰ ৰে'লপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
আৰক্ষীয়ে প্ৰতিবাদকাৰীক বাধা প্ৰদান কৰে যদিও ৰে'লপথতে বহি দিয়ে প্ৰতিবাদকাৰীসকল। প্ৰতিবাদকাৰীৰ সৈতে আৰক্ষীৰ হতাহতি হয়। প্ৰতিবাদৰ ফলত নামনিমুৱা যাত্ৰীবাহী ৰে'লৰ লগতে উজনিমুৱা ইনটাৰচিটী এক্সপ্ৰেছ আবদ্ধ হৈ পৰে। আনহাতে, বিধেয়কখনৰ বিৰুদ্ধে সদৌ অসম ছাত্র সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানমৰ্মে সমগ্ৰ ৰাজ্যৰ লগতে চৰাইদেউ জিলাৰ সদৰ সোণাৰিতো আজি পুৱা ৬ বজাৰ পৰা বিয়লি ৪ বজালৈকে অনশন কাৰ্যসূচী ৰূপায়ণ কৰে।
ইফালে চফ্ৰাই ষ্টেচন চাৰিআলিত চফ্ৰাই আঞ্চলিক মুছলমান সমাজৰ উদ্যোগত তথা ৰাইজৰ সহযোগত এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰি অসমৰ ঐক্য আৰু শান্তিৰ বাবে সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰে হাতে হাতে প্লে'-কাৰ্ড, ফেষ্টুন আদি লৈ জাতিধ্বংসী বিধেয়কখনক একেমুখে ধিক্কাৰ প্ৰদান কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰখনক সমালোচনা কৰি বাতিলৰ দাবী জনায়।
- Log in to post comments
- 4 views