৬ জনগোষ্ঠীক জনজাতিকৰণ : গোলাঘাটত বিজেপিৰ বিজয় উৎসৱ

৬ জনগোষ্ঠীক জনজাতিকৰণ : গোলাঘাটত বিজেপিৰ বিজয় উৎসৱ

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন

কেইবা দশক ধৰি অসমৰ খিলঞ্জীয়া ৬ জনগোষ্ঠীয়ে জনজাতিকৰণৰ বাবে কৰি অহা সুদীৰ্ঘ আন্দোলনৰ অন্ত পেলাই বিজেপি নেতৃত্বাধীন চৰকাৰে এই আন্দোলনৰ ঐতিহাসিক ৰায়দান কৰি ৬ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিয়াত আজি গোলাঘাট জিলা বিজেপিৰ কাৰ্যালয়ত বিজয় উৎসৱ পালন কৰে।

৬ জনগোষ্ঠীক জনজাতিকৰণ : গোলাঘাটত বিজেপিৰ বিজয় উৎসৱ

জিলা সমিতিৰ কৰ্মীসকলে কাৰ্যালয়ৰ চৌহদত ফটকা আদি ফুটাই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন চৰকাৰে লোৱা এই বলিষ্ঠ পদক্ষেপক আদৰণি জনায়। লগতে অসমৰ মুখ্য মন্ত্ৰী সৰ্ব্বানন্দ সোণোৱালে এক শক্তিশালী ভূমিকাৰে সমগ্ৰ বিষয়টো বলিষ্ঠভাৱে আগবঢ়াই নিয়াত ধন্যবাদ জ্ঞাপন কৰে। ইয়াৰোপৰি অসমীয়া জাতিৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি অসমীয়া জাতিৰ সাংবিধানিক ৰক্ষাকৱচ প্ৰদানৰ সিদ্ধান্তক একেমুখে শলাগ লয়।

Your Comments