জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰধিতা কৰি আজি সদৌ অসম ছাত্ৰ সন্থাকে ধৰি ৩০টাকৈ জাতীয় সংগঠনে আহ্বান জনোৱা ১১ ঘণ্টীয়া অসম বন্ধৰ লগতে ঐতিহাসিক পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা, সদৌ কোচ ৰাজবংশী মহিলা সমিতি আৰু চিলাৰায় সেনাই আহ্বান জনোৱা ১২ ঘণ্টীয়া অসম বন্ধৰ ফলত নামনি অসমৰ বঙাইগাঁও চহৰৰ লগতে সমগ্ৰ জিলাখনত জনজীৱন স্তব্ধ হৈ পৰে৷
বন্ধৰ প্ৰভাৱ জিলা সদৰ চহৰ বঙাইগাঁৱৰ লগতে জিলাখনত সৰ্বাত্মক ৰূপত পৰা পৰিলক্ষিত হয়৷ বন্ধৰ সময়ছোৱাত বঙাইগাঁও চহৰৰ দোকান-পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান, বেংক তথা বীমা প্ৰতিষ্ঠান, কাৰ্যালয় আদি বন্ধ থকাৰ লগতে পথত যান-বাহনৰ চলাচল বন্ধ থাকে৷ ইপিনে নিচেই পুৱা একাংশ আছু কৰ্মীয়ে চহৰখনৰ জিলা আছুৰ মুখ্য কাৰ্যালয়ৰ কিছু আঁতৰত বন্ধৰ সমৰ্থনত ৰাজপথত টায়াৰ জ্বলায় যদিও আৰক্ষী উপস্থিত হৈ পথৰ পৰা টায়াৰ আঁতৰাই দিয়ে৷
পিচত পুনৰ আছু কৰ্মীসকলে কাৰ্যালয়ৰ সন্মুখৰ মূল ৰাজপথত টায়াৰ জ্বলোৱাৰ লগতে বিজেপি চৰকাৰ মুৰ্দাবাদ, বিজেপি চৰকাৰ গ'-বেক, বাংলাদেশী গ'-বেক, বাংলাদেশী হুঁচিয়াৰ আদি বিভিন্ন শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে৷ বঙাইগাঁও আঞ্চলিক আছুৱে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ ইপিনে বন্ধ সমৰ্থকৰ বাধাৰ ফলত নিউ বঙাইগাঁওস্থিত ৰে'লৱে' কাৰখানৰ কাম-কাজ বন্ধ থাকে৷ আছু আৰু গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ নেতা-কৰ্মীসকলে পুৱাৰে পৰা নিউ বঙাইগাঁও ৰে'লৱে' কাৰখানাত কৰ্মৰত চাকৰিয়ালসকলক কাৰখানাত প্ৰৱেশত বাধা প্ৰাদান কৰাৰ লগতে উভতাই পঠিওৱাত কাৰখানৰ কাম-কাজ বন্ধ থাকে৷
আনহাতে, বইটামাৰীতো আছু কৰ্মীয়ে পুৱাৰ ভাগত ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে৷ সেইদৰে বন্ধৰ সমৰ্থকে বৰপাৰাৰ বাজৈ হোটেলৰ ওচৰৰ মূল ৰাজপথতো টায়াৰ জ্বলায় যদিও আৰক্ষীয়ে পিচত পথৰ পৰা টায়াৰ আঁতৰাই নিয়ে৷
- Log in to post comments
- 12 views