তিনিচুকীয়াৰ পৰা চন্দন কলিতা
সদৌ অসম ছাত্ৰ সন্থা ৰনেতৃত্বত ৩০ সংগঠন, নেছ'ৰ ১১ ঘণ্টীয়া অসম তথা উত্তৰ-পূৰ্বাঞ্চল বন্ধৰ আহ্বানৰ প্ৰভাৱ তিনিচুকীয়া জিলাত সৰ্বাত্মক ৰূপত পৰিছে৷ ফিল'বাৰী, কাকপথাৰ, পেঙেৰী অঞ্চলত ঠায়ে ঠায়ে টায়াৰ জ্বলাই ব্যপক ৰূপত প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে৷ ইফালে কাকপথাৰত পুৱাই আছু কৰ্মীয়ে হাতত ক'লা পতকা লৈ বন্ধৰ সমৰ্থনত ওলাই আহে৷
ফিল'বাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নিৰব দত্ত আৰু সম্পাদক নয়ন সোণোৱালে নিউজ এ এছ এনৰ আগত বিজেপি চৰকাৰে এনে জাতিধ্বংসী বিধেয়কৰ জৰিয়তে অসমীয়া ৰাইজক উপলুঙা কৰিছে আৰু ইয়াৰ ফল ভুগিব বুলি কয়৷
লগতে জাতীয় নায়ক আজি খলনায়ক হ'ল বুলিও মন্তব্য কৰে৷ উল্লেখ্য যে এই বন্ধৰ সৰ্মথন কৰিছে কৃষক মুক্তি, জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, অগপ, কংগেছকে ঘৰি বিভিন্ন দল-সংগঠনে৷
- Log in to post comments
- 47 views