সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাছু)ৰ ১৭সংখ্যক কেন্দ্ৰীয় ছহিদ দিৱস আজি দিনজোৰা কাৰ্যসূচীৰে বঙাইগাঁৱত উদ্যাপন কৰা হয়৷ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা, সদৌ কোচ ৰাজবংশী মহিলা সমিতি আৰু চিলাৰায় সেনাৰ যৌথ উদ্যোগত তথা বঙাইগাঁও জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সহযোগত বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত সংগঠনটোৰ মুখ্য কাৰ্যালয় প্ৰাংগণত উদযাপন কৰা কেন্দ্ৰীয় ছহিদ দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা আক্ৰাছুৰ পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সংগঠনটোৰ সভাপতি অৰুণ কুমাৰ ৰায়ে ৷
ইয়াৰ পিচতে কোচ ৰাজবংশী মহিলা সমিতিৰ পতাকা উত্তোলন কৰে সভানেত্ৰী পূৰৱী সৰকাৰে আৰু চিলাৰায় সেনাৰ পতাকা উত্তোলন কৰে আক্ৰাছুৰ উপ সভাপতি ক্ষীতিশ বৰ্মনে ৷ সেইদৰে কোচ ৰাজবংশীৰ জাতীয় সাংস্কৃতিক পতাকা উত্তোলন কৰে আক্ৰাছুৰ সাংগঠনিক সম্পাদক নিৰ্মল চৌধুৰীয়ে ৷ আনহাতে ছহিদ বেদীত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে আক্ৰাছুৰ সাধাৰণ সম্পাদক গোকুল বৰ্মনে ৷ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ছহিদ পৰিয়ালৰ সদস্যও উপস্থিত থাকে ৷ ছহিদ দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি ছহিদৰ আত্মাৰ সদগতি কামনা কৰি নাম- প্ৰসংগ অনুষ্ঠিত হয় ৷
দুপৰীয়াৰ ভাগত অনুষ্ঠিত হয় স্মৃতিচাৰণ সভা ৷ আক্ৰাছুৰ সভাপতি অৰুণ কুমাৰ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত স্মৃতিচাৰণ সভাত উদ্দেশ্য ব্যাখ্যা কৰে সংগঠনটোৰ সাধাৰণ সম্পাদক গোকুল বৰ্মনে ৷ সভাত প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক হৰমোহন মেধিয়ে বিশিষ্ট অতিথি, অভয়েশ্বৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা ৰমলা ৰায় সৰকাৰ, বঙাইগাঁও মহাবিদ্যালয়ৰ অধ্যাপিকা ড• ৰূপাঞ্জলী দেৱী আদিয়ে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ৷ সভাত নিৰ্দ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে আক্ৰাছুৰ উপদেষ্টাদ্বয় হিতেশ্বৰ বৰ্মন আৰু প্ৰদীপ কুমাৰ ৰায় ৷
সন্ধিয়া ছহিদৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰে অভয়েশ্বৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা ৰমলা ৰায় সৰকাৰে ৷ ইপিনে ছহিদ দিৱস উপলক্ষে আক্ৰাছুৰ সভাপতি অৰুণ কুমাৰ ৰায়ে কয় যে আমাৰ জাতিটোৰ বাবে আত্ম বলিদান দিয়া ছহিদসকলৰ তেজৰ বিনিময়টো কিদৰে চৰকাৰৰ পৰা আদায় কৰিব পাৰো তাৰ বাবে অহৰহ চেষ্ঠা তথা সফল নোহোৱালৈকে আন্দোলন অব্যাহত থাকিব ৷ আমি নিশ্চয় এদিন হলেও চৰকাৰক আমাৰ প্ৰাপ্য অধিকাৰৰ বাবে বাধ্য কৰাম ৷ কাৰণ এক উদ্দেশ্যলৈহে আক্ৰাছ গঠন হৈছিল আৰু গঠন হোৱাৰ পিচৰে পৰা অহৰহভাৱে আন্দোলন কৰি আহিছে ৷
আন্দোলনৰ মাজতে স্বগোষ্ঠীয় আমাৰ যিসকলে জাতিৰ স্বাৰ্থত আত্ম বলিদান দিলে তেওঁলোকৰ সপোনকআমি বাস্তৱায়িত কৰিব লাগিব ৷ আনহাতে সাধাৰণ সম্পাদক গোকুল বৰ্মনে ছহিদ দিৱস দিনাই বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক সকিয়নী দি কয় যে বিগত দিনসমূহত যিধৰণে আমাক প্ৰতাৰণা আৰু প্ৰৱঞ্চনা কৰি আহিছে তাৰ পৰিণাম ভুগিব লাগিব ৷ কাৰণ পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু জনজাতিকৰণৰ দাবীত ইতিমধ্যে বহু যুৱক ছহিদ হৈছে ৷
সেয়ে পৰৱৰ্তী পৰ্যায়ত আমাৰ আত্ম মৰ্যাদা আৰু আত্মনিয়ন্ত্ৰণৰ অধিকাৰ কাঢ়ি অনাৰ কাৰণে ছহিদ হ'বলৈ আমি কিন্তু কুন্ঠাবোধ নকৰো ৷ আজিৰ ছহিদ দিৱস কাৰ্যসূচীৰ পৰা পুনৰ আমি চৰকাৰক সকিয়াই দিছো যাতে অতি শীঘ্ৰে কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰে ৷ অন্যথা অসমত জুই জ্বলিব ৷ কাৰণ কোচ ৰাজবংশীসকল জাগিছে ৷ প্ৰতিশ্ৰুতি বহু হ'ল ৷ প্ৰতিশ্ৰুতিত আৰু ভোল নাযাও ৷ আমাক পূৰ্ণ পৰ্যায়ৰ জনজাতিকৰণৰ মৰ্যাদা লাগিবই ৷
- Log in to post comments
- 12 views