নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা
সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত আজি নগাঁও জিলাৰ দক্ষিণপাটত দক্ষিণ-পশ্চিম নগাঁও আঞ্চলিক ছাত্ৰ সন্থাই নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ৰ প্ৰতিলিপি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি পংকজ জ্যোতি বৰা আৰু সাংগঠনিক সম্পাদক মনোজ কুমাৰ দাসৰ নেতৃত্বত বিজেপি নেতৃত্বতাধীন কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰখনে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ জৰিয়তে হিন্দু বাংলাদেশীক অসমত সংস্হাপিত কৰিব খোজা হঠকাৰী সিদ্ধান্তৰ বাবে বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে বৃহত্তৰ দক্ষিণপাট অঞ্চলত।
নৰেন্দ্ৰ মোডী হায় হায়, বিজেপি মূৰ্দাবাদ,নাগৰিকত্ব সংশোধনী বিধেয়কখন শীঘ্ৰে বাতিল কৰক,হিন্দু বাংলাদেশী লোকক অসমত সংস্হাপন দিব নোৱাৰিব, আহ ঐ আহ ওলাই আহ, খেদ ঐ খেদ বিদেশীক খেদ, হেংদাং আছে ধৰিলে ৰক্ষা নাই, আমাৰ সংগ্ৰাম চলিছে চলিবই আদি বিভিন্ন শ্ল'গানেৰে দক্ষিণপাটৰ আকাশ-বতাহ উত্তাল কৰি তোলে। ইয়াৰ পাছতে অনুষ্ঠিত হোৱা প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ নগাঁও মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক তুলেন্দু পাটৰ আৰু সদৌ তিৱা ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰশান্ত কোঁৱৰে কয় যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন অসম কেন্দ্ৰীয় চৰকাৰখনে অসমীয়া জাতিটোক চৰম প্ৰতাৰণা কৰাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখনে অসমীয়াৰ আৱেগ অনুভূতিক কুঠাৰ আঘাত কৰি চৰম প্ৰতাৰণা আৰু অন্যায় কৰিছে ৷
জাতিধ্বংসী বিধেয়ক সন্দৰ্ভত শীঘ্ৰে মুখ্যমন্ত্ৰীগৰাকীক নিজৰ স্থিতি স্পষ্ট কৰিবলৈ উল্লেখ কৰি কয় জাতিটোক কৰা প্ৰতাৰণাৰ ফল চৰকাৰখনে ভোগ কৰিব লাগিব আৰু ইয়াৰ পৰিণতি ভয়ংকৰ হ’ব বুলি হুংকাৰ দিছে ৷ সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি পংকজ জ্যোতি বৰাই চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে অসম চৰকাৰখনে গাদী ৰক্ষাৰ স্বাৰ্থত কেন্দ্ৰৰ ওচৰত আঠুলোৱা নীতি পৰিহাৰ কৰি অসমীয়া জাতিটোৰ হৈ কাম কৰক ৷
জাতিটো ৰক্ষা কৰক অন্যথা ভয়ানক পৰিস্থিতিৰ মুখামুখি হ’বলৈ সাজু হওক অসম চৰকাৰ ৷ জাতি মাটি ভেটিৰ শ্ল’গানেৰে শাসনৰ গাদী লোৱা চৰকাৰে জনতাৰ মতক চূড়ান্তভাৱে বুঢ়া আঙুলি দেখুৱাই দাম্ভিকভাৱে কাম কৰিলে কোনো কাৰণতে ছাত্ৰ সন্থাই এই নীতি মানি লোৱা নহ’ব বুলি ছাত্ৰ সন্থাৰ উপ-সভাপতি গৰাকীয়ে সকীয়াই দিয়ে। উল্লেখযোগ্য যে আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত মৰীয়া যুৱ ছাত্ৰ পৰিষদ আৰু গৰীয়া-মৰীয়া দেশী জাতীয় পৰিষদেও অংশগ্ৰহণ কৰে। প্ৰতিবাদী কাৰ্য্যসূচীৰ অন্তত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী প্ৰতিকৃতি দাহ কৰা হয়।
- Log in to post comments
- 30 views