চিৰাং জিলাৰ ঢালিগাঁওস্থিত ভাৰতীয় ষ্টেট বেংকৰ ঢালিগাঁও শাখাৰ একাউন্টৰ পৰা এগৰাকী মহিলাৰ বৃহৎ পৰিমাণৰ ধন দুষ্ট চক্ৰই লুট কৰি নিয়াৰ ঘটনা সংঘটিত হৈছে ৷ দুষ্ট চক্ৰটোৱে ঢালিগাঁও গণেশ মন্দিৰ অঞ্চলৰ প্ৰয়াত ফনীন বৰ্মনৰ পত্নী শিমলা বৰ্মনৰ ঢালিগাঁওস্থিত ভাৰতীয় ষ্টেট বেংকৰ চেভিং একাউন্ট (এ/চি নং-৩৫৩৫৫১২৬০৫৫)ৰ পৰা মুঠ ১,৯৪,০০০ টকা লুট কৰি নিছে ৷ এই বৃহৎ পৰিমাণৰ ধন লুটৰ ঘটনাটো জনাৰ পিচতে এতিয়া মহিলাগৰাকীয়ে মূৰে-কপালে হাত দিবলগীয়া হৈছে ৷
উল্লেখ্য যে এই একাউন্টটোত শিমলা বৰ্মনে ২০১৭ বৰ্ষত মাটি বিক্ৰী কৰি পোৱা চাৰি লাখ টকা জমা ৰাখিছিল ৷ বিগত ২০১৫ বৰ্ষৰ ৩০ নৱেম্বৰৰ পৰা সক্ৰিয় হৈ থকা বেংকৰ একাউন্টৰ পৰা মহিলাগৰাকীয়ে যোৱা ২৮ নৱেম্বৰত ভতিজাৰ বিবাহৰ বাবে টকাৰ প্ৰয়োজন হোৱাত ঢালিগাঁও বজাৰস্থিত বেংকটোৰ এটিএম পৰা ধন উলিওৱাৰ চেষ্টা কৰে যদিও বিফল হয় ৷
এটিএমত ধন নথকা বুলি ভাবি পিচত মহিলাগৰাকীয়ে ঘৰলৈ উভটি যায় ৷ ভতিজাৰ বিবাহৰ ব্যস্ততাৰ বাবে বেংকলৈ আহিব পৰা নাছিল যদিও শনিবাৰে মহিলাগৰাকীয়ে বেংকলৈ আহি তেঁৱৰ পাচবুকখন আপডেট কৰাৰ পিচতহে ধন লুটৰ বিষয়টো জানিব পাৰে ৷ পিচত এই সন্দৰ্ভত ঢালিগাঁও শাখা ভাৰতীয় ষ্টেট বেংকৰ মুখ্য পৰিচালকক তেঁৱৰ একাউন্টৰ পৰা ধন লুট হোৱাৰ লিখিত অভিযোগ দাখিল কৰাৰ লগতে লুট হোৱা ধনখিনি উদ্ধাৰ কৰি দুৰ্ভগীয়া পৰিয়ালটোক সকাহ দিয়াৰ বাবে আৱেদন জনায় ৷
উল্লেখ্য যে মহিলাগৰাকীৰ বেংক একাউন্টৰ পৰা ১৯ নৱেম্বৰত ১,০০০০০ টকা, ২০ নৱেম্বৰত ৬,০০০টকা আৰু ২১ নৱেম্বৰত ৩৪,০০০ টকাসহ মুঠ ১,৯৪,০০০ টকা দুষ্ট চক্ৰটোৱে লুট কৰি নিয়ে ৷ মহিলাগৰাকীয়ে বেংকৰ একাউন্টৰ পৰা ধন লুটৰ ঘটনা সন্দৰ্ভত ঢালিগাঁও থানাতো এজাহাৰ দাখিল কৰিছে ৷
এজাহাৰত মহিলাগৰাকীয়ে সঞ্জয় ক্ষত্ৰিয়, নৃপেন সৰকাৰ আৰু আবু কালাম খান নামৰ ব্যক্তি তিনিজনৰ নামত ধন ট্ৰেন্সফাৰ হোৱাৰ লগতে বিভিন্ন এটিএমৰ পৰাও ধন উঠোৱা বুলি উল্লেখ কৰিছে ৷
- Log in to post comments
- 15 views