বঙাইগাঁও চহৰৰ গাতে লাগি থকা বীৰঝৰা চাহ বাগিছাত একাংশ কৰ্মচাৰীয়ে সংঘটিত কৰা বিত্তীয় কেলেংকাৰীৰ উচিত তদন্ত কৰি দোষী কৰ্মচাৰীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে চাকৰিৰ পৰা বৰ্খাস্ত দাবীত শুকুৰবাৰে বাগিচাখনৰ শ্ৰমিকসকলে কাম বন্ধ ৰাখি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বীৰঝৰা চাহ বাগিচা পঞ্চায়ত সমন্বয়ৰক্ষী সমিতিৰ আহ্বানত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা শ্ৰমিকসকলে বাগিচাত দালালগিৰী নচলিব, মেনেজাৰ হাতাও বাগান বাচাও, বিত্তীয় কেলেংকাৰীৰ উচিত তদন্ত কৰক আদি বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ৷
এই বিত্তীয় কেলেংকাৰী সন্দৰ্ভত বীৰঝৰা চাহ বাগিছা পঞ্চায়ত সমন্বয়ৰক্ষী সমিতিৰ সভাপতি হীৰু বাগদীয়ে কয় যে বাগিচাখনত কৰ্মৰত পৰিচালনা সমিতিৰ একাংশ কৰ্মচাৰীয়ে বিভিন্ন পন্থাৰে বিত্তীয় কেলেংকাৰী সংঘটিত কৰি আহিছে ৷ কিন্তু কিছুদিন পূৰ্বেহে এই বিষয়টো পোহৰলৈ আহিছিল ৷ পিচত পঞ্চায়ত সমন্বয়ৰক্ষী সমিতিয়ে সমগ্ৰ বিষয়টো বাগিচাখনৰ মালিক পক্ষক প্ৰথমে মৌখিকভাৱে অৱগত কৰিছিল আৰু পিচলৈ লিখিতভাৱেও জনাইছিল ৷
মালিক পক্ষই নিজে বাগিচাখনত উপস্থিত হৈ সমগ্ৰ বিষয়টো সন্দৰ্ভত বুজ ল'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিও আজিলৈকে উপস্থিত নহ'ল ৷ সেয়ে বিত্তীয় কেলেংকাৰীত জড়িত কৰ্মচাৰীসকলক বাগিচাখনৰ পৰা যদি অতিশীঘ্ৰে আঁতৰাই নিদিয়ে তেতিয়াহ'লে পুনৰ শ্ৰমিকসকলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও কয় ৷ পঞ্চায়ত সমন্বয়ৰক্ষী সমিতিৰ সভাপতিগৰাকীয়ে অভিযোগ কৰা মতে বাগিচাত কাম কৰাৰ বাবে বাহিৰৰ পৰা গাড়ীৰে অনা শ্ৰমিকৰ প্ৰকৃত সংখ্যাৰ সলনি অধিক শ্ৰমিক দেখুৱাই সেই ভুৱা শ্ৰমিকৰ মজুৰীৰ ধন একাংশ কৰ্মচাৰীয়ে আত্মসাৎ কৰি আহিছিল ৷
এখন বাহনত ২৫ জনকৈ হ'লে দুখন বাহনত যদি ৫০ জন শ্ৰমিক আহিছে, তেতিয়াহ'লে তেওঁলোকে দুখনৰ ঠাইত পাঁচখন বাহন দেখুৱাৰ লগতে ৭৫জন অতিৰিক্ত শ্ৰমিক অহা দেখুৱাই সেই ভুৱা শ্ৰমিকৰ হাজিৰাৰ ধন আৰু বাহনৰ ভাড়াৰ ধন আত্মসাৎ কৰিছিল ৷ এখন বাহনৰ দৈনিক ভাড়া হ'ল ১২০০ টকা ৷ সেইদৰে যিসকল শ্ৰমিকে ফেক্টৰীত কামেই কৰা নাই সেই শ্ৰমিকসকলৰ নামত হাজিৰা আদায় দিয়া দেখুওৱা হৈছে, অতিৰিক্ত কাম কৰা দেখুৱাই ধন আদায় দিছে ৷ যিসকল শ্ৰমিকে বাগিচাত কামেই কৰা নাই সেইসকলৰ নামতো বোনাচ দিয়া দেখুওৱা হৈছে ৷
আনকি এতিয়াও একাংশ ভুৱা শ্ৰমিকৰ বোনাচৰ ধন কাৰ্যালয়তে পৰি আছে ৷ যদি সঁচাকৈয়ে শ্ৰমিকে কাম কৰিছিল তেতিয়াহ'লে তেওঁলোকে বোনাচৰ ধন নিনিয়াকৈ নিশ্চয় নাথাকিলেহেঁতেন ৷ সকলো যে ভুৱা আছিল সেয়া ইয়াৰ পৰাই প্ৰমাণিত হৈছে ৷ আনহাতে পঞ্চায়ত সমন্বয়ৰক্ষী সমিতিৰ অনুসন্ধানত বিষয়টো পোহৰলৈ অহাৰ পিচতে কেলেংকাৰীত জড়িতসকলে সেই ধনখিনি আত্মসাৎ কৰিবলৈ নোৱাৰাৰ বাবে এইদৰে থাকি গ'ল বুলিও কয় ৷
কেৱল ইয়াতে ক্ষান্ত নাথাকি বাগিচাখনৰ পৰিচালনা সমিতিয়ে বাহিৰৰ পৰা ক্ৰয় কৰা কেঁচা পাতৰ পৰিমাণ অধিক দেখুৱাইও ধন আত্মসাৎ কৰি আহিছিল ৷ বাহিৰৰ পৰা কমেও ৫ৰ পৰা ৬ হেজাৰ কেজি কেঁচা পাত ক্ৰয় কৰে যদিও প্ৰকৃত পৰিমাণতকৈ দুই-তিনি হেজাৰ কেজি অধিক ক্ৰয় কৰা দেখুৱাই সেই ধনো আত্মসাৎ কৰি আহিছিল ৷ প্ৰতি কিলো কেঁচা পাতৰ মূল্য ১৬ৰ পৰা ১৮ টকা হোৱাত বৃহৎ বিত্তীয় কেলেংকাৰী সংঘটিত কৰি আছিল বুলিও অভিযোগ কৰে ৷
এই সমগ্ৰ বিত্তীয় কেলেংকাৰীত বাগিচাখনৰ ফেক্টৰী ইনচাৰ্জ আনন্দ কুমাৰ সিং, ফেক্টৰী এচিচটেন্ট মনোজ শৰ্মা, মেনেজাৰ লালন কৃষ্ণ পাণ্ডে আৰু একাউন্টেন সীমান্ত শ্যামন্ত জড়িত বুলিও অভিযোগ কৰে৷ লগতে তেওঁলোকে সংঘটিত কৰা বিত্তীয় কেলেংকাৰীৰ পৰিমাণ প্ৰায় ১৬ লক্ষাধিক হ'ব বুলিও কয় ৷ অৱশ্যে সমন্বয়ৰক্ষী সমিতিৰ নিজাববীয়া অনুসন্ধানতহে এই তথ্য পোহৰলৈ আহিছে যদিও বিত্তীয় কেলেংকাৰীৰ পৰিমাণ অধিক হ'ব পাৰে বুলিও শংকা ব্যক্ত কৰে ৷
উল্লেখ্য যে বাগিচাখনত সংঘটিত বিত্তীয় কেলেংকাৰীৰ ঘটনাটো পোহৰলৈ অহাৰ পিছতে ফেক্টৰী ইনচাৰ্জৰ দায়িত্বত থকা আনন্দ কুমাৰ সিঙে চাকৰি বাদ দি গুচি যোৱা বুলিও জানিব পৰা গৈছে ৷ ইপিনে বিত্তীয় কেলেংকাৰীৰ সৈতে জড়িত থকা বুলি অভিযোগ উঠা বাগিচাখনৰ ফেক্টৰী এচিচন্টেন মনোজ শৰ্মাই বিত্তীয় কেলেংকাৰী সংঘটিত হোৱাটো সঁচা বুলি স্বীকাৰ কৰে ৷
লগতে এই বিত্তীয় কেলেংকাৰীৰ লগত তেওঁ জড়িত নহয় বুলি কৈ পূৰ্বৰ ফেক্টৰী ইনচাৰ্জ আনন্দ কুমাৰ সিঙৰ নিৰ্দেশত কিছুমান কাম কৰিবলগীয়া হৈছিল বুলিও কয় ৷ শ্ৰমিকে কাম নকৰিলেও কৰা দেখুওৱা, অতিৰিক্ত কাম কৰা দেখুওৱা, বাহিৰৰ পৰা ক্ৰয় কৰা কেঁচা পাতৰ পৰিমাণ বঢ়োৱা আদি কাম কৰিবলগীয়া হৈছিল আৰু সেই ধন ইনচাৰ্জজনক দিবলগীয়া হৈছিল বুলিও প্ৰকাশ কৰে ৷
- Log in to post comments
- 9 views