বৰপেটাৰোডৰ পৰা ৰনজিৎ তালুকদাৰ
জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আসামৰ বৰপেটা জিলা সমিতিৰ আমন্ত্ৰণত অহা ২২ আৰু ২৩ ডিচেম্বৰত বৰপেটাত এটি বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হ'ব ৷ বৰপেটা প্ৰেছ ক্লাবত অনুষ্ঠিত হ'বলগীয়া এই চিকিৎসা শিবিৰৰ জৰিয়তে ২২ ডিচেম্বৰত চিনাক্ত হোৱা জটিল ৰোগৰ ৰোগীসকলক নিম্ন উল্লেখিত বিশেষজ্ঞ চিকিৎসকসকলে চিকিৎসা প্ৰদান কৰিব ৷
২৩ ডিচেম্বৰত উপস্থিত থাকিবলগীয়া বিশেষজ্ঞ চিকিৎসকসকল হ'ল- বাঙ্গালুৰুৰ চাক্ৰা ৱৰ্ল্ড হাস্পতালৰ লিভাৰ আৰু গ্ৰেষ্ট্ৰ বিশেষজ্ঞ ডাঃ প্ৰসন্ন ভট্ট কে এছ, আয়ুৰচুন্দ্ৰা চুপাৰ স্পেচিয়েলিটি হাস্পতাল গুৱাহাটীৰ ঔষধ বিশেষজ্ঞ ডাঃ সিদ্ধাৰ্থ গোস্বামী, কাৰ্ডিঅ'লজী ডাঃ আদিত্য ভাস্কৰ, হৃদৰোগ বিশেষজ্ঞ ডাঃ নিৰন্ত এন কোঁৱৰ আৰু স্নায়ুজনিত-মানসিক আৰু এলক'হলিক ৰোগ বিশেষজ্ঞ ডাঃ ৰেজাউল হামিদ ৷
সময় পুৱা ৯ বজাৰ পৰা বিয়লি ২ বজালৈ ৷ ইয়াৰোপৰি ২২ ডিচেম্বৰৰ সন্ধিয়া বিশেষজ্ঞ চিকিৎসকসকলৰ উপস্থিতিত বিভিন্ন ৰোগ সম্পৰ্কীয় এখনি সজাগতা সভাও অনুষ্ঠিত হ'ব ৷ চিকিৎসা সেৱাৰ বাবে আগতীয়াকৈ নাম পঞ্জীয়ন কৰাটো বাধ্যতামূলক ৷ যোগাযোগৰ ঠিকনা- বৰপেটা প্ৰেছ ক্লাব আৰু আয়ুৰচুন্দ্ৰা ডায়গষ্টিক চেণ্টাৰ, বৰপেটা ৷ ভ্ৰাম্যভাষ নম্বৰ- ৯৯৫৪২৭৩২৪৭ অথবা ৯৮৫৯৭৫১২৪৪ ৷
- Log in to post comments
- 13 views