মাজুলীৰ পৰা ৰাজীৱ পাতিৰ
মাজুলী জিলাত বেংকসমূহৰ কাম-কাজৰ আজি পৰ্যালোচনা কৰে জিলাৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই । উপায়ুক্তৰ কাৰ্যালয়ত আয়োজিত জিলা পৰ্যায়ৰ বেংক পৰামৰ্শদাতা সমিতি (ডিচিচি) আৰু জিলা পৰ্যায়ৰ পৰ্যালোচনা সমিতি (ডিএলআৰচি)ৰ তৃতীয় ত্ৰিমাসিক বৈঠকত মাজুলী জিলাত বেংকিং সেৱাৰ বিভিন্ন দিশৰ লগতে চৰকাৰী উন্নয়নমূলক আঁচনিসমূহৰ ক্ষেত্ৰত থকা বেংকৰ দায়বদ্ধতা ভিত্তিক সহযোগিতাৰ পৰ্যালোচনা কৰা হয় ।
উপায়ুক্তৰ অধ্যক্ষতাত অনুষ্ঠিত বৈকখনত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গুৱাহাটীস্থিত আঞ্চলিক কাৰ্যালয়ৰ সহকাৰী মহাপ্ৰবন্ধক বীণা বালুজা, মাজুলীৰ অতিৰিক্ত উপায়ুক্ত (উন্নয়ন) নৰেণ দাস, নাবাৰ্ডৰ জিলা উন্নয়ন প্ৰবন্ধক কাম্খগিন ৱাইপেইৰ লগতে জিলা প্ৰমুখ বিষয়া (এলডিঅ') আৰু জিলাৰ প্ৰমুখ বেংকৰ প্ৰবন্ধক (এলডিএম) আৰু জিলাখনত বেংকিং সেৱা আগবঢ়োৱা বিভিন্ন বাণিজ্যিক বেংক তথা সমবায় বেংকৰ শাখা প্ৰবন্ধক সমন্বিতে চৰকাৰী বিভাগসমূহৰ মুৰব্বী বিষয়াসকলৰ উপস্থিতিত হোৱা বৈঠকখনত ২০১৯-২০ বিত্তীয় বৰ্ষৰ বাবে মাজুলী জিলাস্তৰীয় 'বাৰ্ষিক ঋণৰ প্ৰাক্-কলন' (এনুৱেল ক্ৰেডিট প্লেন) এখন উপায়ুক্ত মিশ্ৰই উন্মোচন কৰে ।
জিলাখনত আগন্তুক বৰ্ষত চৰকাৰী আঁচনিৰ বিপৰীতে হিতাধিকাৰীসকললৈ বেংকসমূহে আগবঢ়াবলগা ঋণৰ দিক্-নিৰ্দেশনা বিষয়ক এই বাৰ্ষিক ঋণ প্ৰাক্-কলনখন নাবাৰ্ডে যুগুতাই উলিয়াইছে । বৈঠকত উপায়ুক্ত আৰু ৰিজাৰ্ভ বেংকৰ প্ৰতিনিধিগৰাকীয়ে মাজুলীত কাৰ্যনিৰ্বাহ কৰা প্ৰতিটো বেংকৰ শাখাৰে ঋণ প্ৰদানৰ অনুপাত (ক্ৰেডিট ৰেচিঅ')ও পৰ্যালোচনা কৰে ।
ৰাজ্য চৰকাৰে নিবনুৱা যুৱক-যুৱতীসকলক সংস্থাপনৰ সুযোগ দিয়াৰ লক্ষ্যৰে অগ্ৰাধিকাৰ ভিত্তিত ৰূপায়ণ কৰিবলৈ লোৱা 'স্বামী বিবেকানন্দ অসম যুৱ সবলীকৰণ' (স্বয়েম) যোজনাৰ অধীনত ৰাজসাহায্যযুক্ত ঋণৰ বাবে মাজুলী জিলাৰ যুৱক-যুৱতীসকলে দাখিল কৰা আবেদনসমূহ পৰীক্ষা কৰি অহা ৩০ ডিচেম্বৰৰ ভিতৰতে অনুমোদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ বেংকৰ প্ৰতিটো শাখাকে নিৰ্দেশ দিয়ে উপায়ুক্তই ।
জিলা উদ্যোগ কেন্দ্ৰ আৰু কেভিআইচিৰ ফালৰ পৰা ইতিমধ্যে মাজুলীৰ ১,২৩৮গৰাকী নিবনুৱা যুৱক-যুৱতীৰ অনলাইন আবেদন জিলাখনৰ বেংক শাখাসমূহলৈ ভাগে ভাগে ঋণ প্ৰদানৰ অনুমোদৰ বাবে প্ৰেৰণ কৰিছে ।
বৈঠকত উপায়ুক্তগৰাকীয়ে বিভিন্ন চৰকাৰী আঁচনিৰ ক্ষেত্ৰত থকা বেংকসমূহৰ বাধ্যতামূলক দায়বদ্ধতাক গুৰুত্বসহকাৰে ল'বলৈ জিলাখনৰ বেংকসমূহক সোঁৱৰাই দিয়ে ।
এইক্ষেত্ৰত বেংকসমূহে কোনো অসুবিধাৰ সন্মুখীন হ'লে জিলা প্ৰশাসনে এই সমস্যা সমাধানত বেংকসমূহক প্ৰয়োজনীয় সহায় আগবঢ়াব বুলি উপায়ুক্ত মিশ্ৰই আশ্বাস দিয়ে ।
- Log in to post comments
- 9 views