২০ মিলিয়নতকৈয়ো অধিক গাড়ী নিৰ্মাণেৰে অভিলেখ ৰচিলে মাৰুতি ছুজুকিয়ে।এই অভিলেখসংখ্যক গাড়ী নিৰ্মাণ কৰা মাৰুতি ছুজুকিয়েই হৈছে ভাৰতৰ একমাত্ৰ গাড়ী নিৰ্মাতা কোম্পানী।
এই বৃহৎ লক্ষ্য অতিক্ৰম কৰোঁতে প্ৰয়োজন হ’ল ৩৪ বছৰ ৬ মাহ সময়ৰ। ১৯৮৩ চনৰ ডিচেম্বৰ মাহত কোম্পানীটোৰ কাম-কাজ আৰম্ভ হৈছিল। ভাৰতত নিৰ্মিত মাৰুতি ছুজুকিৰ বিভিন্ন মডেলৰ গাড়ীসমূহ সম্প্ৰতি বিশ্বৰ ১০০খনৰো অধিক দেশলৈ ৰপ্তানি হৈ আছে।
- Log in to post comments
- 13 views