আজিৰে পৰা মাজুলীত দশম প্ৰাগজ্যোতি আন্তঃৰাষ্ট্ৰীয় নৃত্য উৎসৱ

আজিৰে পৰা মাজুলীত দশম প্ৰাগজ্যোতি আন্তঃৰাষ্ট্ৰীয় নৃত্য উৎসৱ

মাজুলীৰ পৰা ৰাজীৱ পাতিৰ

ৰাজ্যৰ অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান "কল্প"ৰ উদ্যোগত, মাজুলী জিলা প্ৰশাসন আৰু উত্তৰ কমলাবাৰী সত্ৰৰ সহযোগত আজি সন্ধিয়া ৫.৩০ বজাৰ পৰা দুদিনীয়াকৈ উত্তৰ কমলাবাৰী সত্ৰৰ শংকৰদেৱ কৃষ্টি সংঘ প্ৰেক্ষাগৃহত "দশম প্ৰাগজ্যোতি আন্তঃৰাষ্ট্ৰীয় নৃত্য উৎসৱ" আয়োজন কৰা হৈছে । মাজুলীত প্ৰথমবাৰলৈ আয়োজিত ভাৰতীয় নৃত্য পৰম্পৰাসমূহৰ এই একত্ৰ সমাৰোহত দেশ আৰু বিদেশৰ ভালেকেইগৰাকী নৃত্যশিল্পীয়ে অংশগ্ৰহণ কৰিছে ।

সন্ধিয়া উত্তৰ কমলাবাৰী সত্ৰৰ ভকত-বৈষ্ণৱৰ গায়ন-বায়নেৰে শুভাৰম্ভ হোৱা এই নৃত্য উৎসৱত ৰাছিয়াৰ আলেকজেণ্ড্ৰাৰ মোহিনী অট্টম, সংগীত নাটক একাডেমী বঁটা বিজয়ী প্ৰেৰণা শ্ৰীমালীৰ কথক, বাংগালুৰুৰ অভিজিত দাসৰ কুচিপুড়ি, সংগীত নাটক একাডেমীৰ যুৱ সন্মান বিজয়ী বিলাস সিংহ, চন্দনা দেৱী আৰু পাৰুল দেৱীৰ মণিপুৰী নৃত্য পৰিবেশন কৰা হয় ।

একেদৰে, অহা ২৯ নৱেম্বৰৰ সন্ধিয়া ইটালীৰ নৃত্যশিল্পী লুক্ৰেজিয়াৰ ভাৰত নাট্যম, ভোগপুৰ সত্ৰৰ সত্ৰীয়া নৃত্য, শান্তি নিকেতনৰ মাধুৰী মজুমদাৰৰ কুচিপুড়ি, মাজুলীৰ শৰ্মা ৰেগন আৰু সংগীবৃন্দৰ মিচিং নৃত্য পৰিবেশন কৰা হ'ব ।

Your Comments