জিৰছং থিয়েটাৰৰ পৰিসৰ বৃ্দ্ধি কৰি গুৱাহাটীৰ মাজমিজয়াত ‘ষ্টুডিঅ’ জিৰছং’ নামেৰে এটি নাট্য প্ৰশিক্ষণ প্ৰতিষ্ঠান আৰম্ভ হৈছে ৷ জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক ডঃ মামণি ৰয়চম গোস্বামীৰ ওপজা দিন ১৪ নৱেম্বৰত বিশিষ্ট সাহিত্যিকগৰাকীৰ সাহিত্য আৰু ব্যক্তিত্বক স্মৰণ কৰি মহানগৰীৰ দীঘলীপুখুৰীৰ পূব পাৰত থকা সত্য বৰা পথৰ ১৫নং গৃহত ষ্টুডিঅ’ জিৰছং মুকলি হয়৷
ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক তথা প্ৰসিদ্ধ নাট পৰিচালিকা, অভিনেত্ৰী ৰবিজিতা গগৈৰ নেতৃত্বত ১৯৯৯ চনৰ পৰা অসম তথা উত্তৰ-পূব ভাৰতৰ নাট্য ক্ষেত্ৰত কাৰ্বি, বড়ো, অসমীয়া, হিন্দী আদি ভাষাত নাটক কৰি অহা জিৰছং থিয়েটাৰে এতিয়াৰে পৰা ‘ষ্টুডিঅ’ জিৰছঙ’ৰ জৰিয়তে অভিনয় কলাৰ উপৰি নাটকৰ দৃশ্যসজ্জা, সাজসজ্জা, প্ৰকাশ ব্যৱস্থা আৰু অভিনয়ৰ ব্যৱহাৰিক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে৷ অহা জানুৱাৰীৰ পৰা ষ্টুডিঅ’ জিৰছঙে প্ৰাপ্তবয়স্কসকলৰ বাবে এটা চাৰিমহীয়া অভিনয় চাৰ্টিফিকেট পাঠ্যক্ৰম আৰু শিশুসকলৰ বাবে ছমহীয়া নাট পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ দিহা কৰিছে ৷
সমগ্ৰ বছৰজুৰি এই নাট প্ৰশিক্ষণ ব্যৱস্থা চলিব৷ বিশিষ্ট নাট পৰিচালিকা ৰবিজিতা গগৈৰ নেতৃত্বত এই নাট প্ৰশিক্ষণ ব্যৱস্থা পৰিচালিত হ’ব ৷ ৰবিজিতা গগৈক মূলতঃ নাট পৰিচালিকা হিচাপে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ মানুহে জানিলেও তেওঁ ভাৰতৰ বিভিন্ন নাট্য শিক্ষা কেন্দ্ৰ, বিশ্ববিদ্যালয়, মহাবিদ্যালয় আদিত নাটকৰ পাঠদান কৰি আহিছে ৷
মুম্বাইত বলীউডৰ বিশিষ্ট অভিনেতা অনুপম খেৰৰ ‘এক্টৰ্ছ প্ৰিপেয়াৰ্ছ’ত তেওঁ নিয়মীয়াকৈ দুবছৰ অভিনয়ৰ ব্যৱহাৰিক পাঠদান কৰিছিল ৷ হায়দৰাবাদৰ কেন্দ্ৰীয় বিদ্যালয়, লক্ষ্ণৌ ভাৰ্টেন্দু নাট্য একাডেমী, জাপানৰ টকিঅ’ আদিতো তেওঁ অভিনয়ৰ প্ৰশিক্ষণ প্ৰদান কৰিছে ৷ এইবাৰ ৰবিজিতা গগৈয়ে অসমত নিজাববীয়াকৈ নাট্যকলাৰ এটা পূৰ্ণাংগ নাট্য প্ৰশিক্ষণ কেন্দ্ৰ গঢ়ি তুলি ইয়াৰ জৰিয়তে অসমত উদীয়মান নাট্যশিল্পী বা অভিনেতা গঢ়ি তোলাৰ মানসেৰে ‘ষ্টুডিঅ’ জিৰছঙৰ আৰম্ভণি কৰিছে ৷
গৌৰী সদনৰ সমীপত ষ্টুডিঅ’ জিৰছঙৰ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট চলচ্চিত্ৰ পৰিচালক সান্ত্বনা বৰদলৈ, উৰ্মিলা মহন্ত, বিশিষ্ট আবৃত্তিকাৰ ৰূপম শইকীয়া, সদৌ অসম লেখিকা সমাৰোহ সমিতৰ সাৱিত্ৰী গগৈ আদি উপস্থিত থাকে ৷ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উদীয়মান শিল্পীসকলে ৰবিজিতা গগৈৰ ষ্টুডিঅ’ জিৰছঙত নাট প্ৰশিক্ষণ লাভ কৰাৰ বাবে ৮৬৩৮৭-৮৮৪৭ আৰু ৮৮৭৬৪-২৩৫৩৯ নম্বৰত যোগাযোগ কৰিব পাৰিব৷
- Log in to post comments
- 23 views