দৰঙত জিলা পৰিষদৰ আংশিক তালিকা প্ৰকাশ প্ৰধান ৰাজনৈতিক দলসমূহৰ

দৰঙত জিলা পৰিষদৰ আংশিক তালিকা প্ৰকাশ প্ৰধান ৰাজনৈতিক দলসমূহৰ

দৰং জিলাত শাসকীয় বিজেপিক প্ৰত্যাহ্বান জনাই মিত্ৰ আঞ্চলিক দল অগপ আৰু বিপিএফ দলে জিলা পৰিষদ দখলৰ বাবে পৃথকে পৃথকে ব্যাপক তৎপৰতা অৱলম্বন কৰিছে । বিশেষকৈ জিলা অগপৰ সভাপতি কমলেশ্বৰ বৰুৱা, সম্পাদক স্বৰাজ ডেকা আৰু অপূৰ্ব কুমাৰ ডেকাই জিলাখনৰ ১৪টা জিলা পৰিষদ সমষ্টিৰ ১৪টাতে দলীয় প্ৰাৰ্থী প্ৰদান কৰা হ'ব বুলি স্পষ্ট কৰি দিছে ।

ইয়াৰ ভিতৰত মঙলদৈ সমষ্টিৰ ৰঙামাটিত দৰং আছুৰ প্ৰাক্তন সভাপতি শৰৎ ডেকা, কলাইগাঁও সমষ্টিৰ লক্ষীমপুৰ-টেঙাবাৰীত নিবেদিতা ডেকা, ছিপাঝাৰ সমষ্টিৰ দুমুনিচকী-কুৰুৱাত প্ৰাক্তন ছাত্র নেতা কাবুল ৰাজবংশী, দলগাঁও সমষ্টিৰ বেছিমাৰীত ইমৰান হাচান আৰু মঙলদৈ সমষ্টিৰ মোৱামাৰী-পুথিমাৰীত অনিল ডেকাৰ লগতে পাথৰিঘাট-দেওৰমনৈ আৰু ধূলা জিলা পৰিষদ সমষ্টিত অগপই দলীয় প্ৰাৰ্থী চূড়ান্ত কৰিছে ।

জিলা অগপৰ সভাপতিগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি মঙলদৈ সমষ্টিত প্ৰাক্তন বিধায়ক হীৰেণ কুমাৰ দাস, কলাইগাঁও সমষ্টিত প্ৰাক্তন বিধায়ক মুকুন্দৰাম চৌধুৰী আৰু মহেন্দ্ৰ মোহন ৰায়চৌধুৰী, দলগাঁও সমষ্টিত কেন্দ্ৰীয় নেতা হবিবুৰ ৰহমান আৰু ছিপাঝাৰ সমষ্টিত হেমন্ত হাজৰিকা, নৱ ডেকা, অতুল গোস্বামীয়ে অগপ প্ৰাৰ্থীক জয়ী কৰাবলৈ ৰাইজৰ মাজত নামি পৰিছে ।

ইয়াৰ বিপৰীতে চৰকাৰৰ আন এটা সহযোগী দল বিপিএফে ১৪ জিলা পৰিষদ সমষ্টিৰ ৩টাত প্ৰাৰ্থী থিয় কৰাবলৈ সিন্ধান্ত গ্ৰহণ কৰিছে । দৰং জিলা বিপিএফৰ সভাপতি অৰুণ চন্দ্ৰ নাথ আৰু সম্পাদক মহেশ ডেকাই জনোৱা অনুসৰি দলগাঁও সমষ্টিৰ লালপুৰত লক্ষী পাল, কলাইগাঁও সমষ্টিৰ শ্যামপুৰত আশ্ৰাফুল আলম আৰু লক্ষীমপুৰ-টেঙাবাৰী জিলা পৰিষদত অৰ্চনা ডেকাৰ প্ৰাৰ্থিত্ব চূড়ান্ত হোৱা বুলি ঘোষণা কৰাৰ লগতে ১২১টা ৱাৰ্ড সদস্য, ১৪টা পঞ্চায়ততো প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সিন্ধান্ত গ্ৰহণ কৰি প্ৰাৰ্থী চূড়ান্ত কৰা বুলি বিপিএফ নেতাদ্বয়ে জানিবলৈ দিয়ে ।

আনহাতে, বিগত কাৰ্যকালত দৰং জিলা পৰিষদ গঠনত বিশেষ ভূমিকা লোৱা এ আই ইউ ডি এফ দলে ৭টা সমষ্টিত প্রাৰ্থী চূড়ান্ত কৰিছে । দৰং জিলা এ আই ইউ ডি এফ দলৰ এক সূত্রে জানিব পৰামতে, দলগাঁও সমষ্টিৰ বেছিমাৰীত ৰফিকুল ইছলাম, লালপুলত মমতাজ বেগম, শ্যামটিলা সমষ্টিত মচৰুদ্দিন আহমেদ, শ্যামপুৰত চুফিয়া বেগম, বিহুদিয়াত ছাজিদা পাৰবিন, মঙলদৈৰ ধূলাত আপ্টুছ জামানৰ লগতে মোৱামাৰী-পুথিমাৰী জিলা পৰিষদ সমষ্টিটো এ আই ইউ ডি এফৰ প্রাৰ্থী চূড়ান্ত হোৱা নাই বুলি জানিব পৰা গৈছে ।

ইপিনে কংগ্রেছ আৰু অগপই ১৪টা সমষ্টিতে প্রাৰ্থীৰ আবেদন গ্রহণ কৰিছে যদিও এতিয়ালৈকে তালিকা চূড়ান্ত কৰিব পৰা নাই । জিলা কংগ্রেছৰ এক সূত্রে জানিব পৰামতে, মঙলদৈৰ ৰঙামাটিত বিপুল ডেকা, ধূলাত আব্দুল ৰছিদ, মোৱামাৰী-পুথিমাৰীত আব্দুল্লা সেখ, চপাইত নিবেদিতা দাস, দুমুনিচকী-কৰুৱাত বাহাৰুল ইছলাম, ছিপাঝাৰ-দেবানন্দত তৰুলতা নাথ, দুনী-দিপীলাত কণিকা বৈশ্য আৰু পাথৰিঘাট-দেওমৰনৈত জিলা মহিলা কংগ্রেছৰ সভানেত্রী দিপালী ডেকাৰ নাম সঘনাই উচ্চাৰিত হৈ আছে যদিও এই বাতৰি লিখা পৰলৈ তালিকা চূড়ান্ত হোৱা নাই ।

আনহাতে, বিজেপি দলে ৰঙামাটিত দুৰ্লভ শৰ্মাক, চপাইত কল্যাণী বণিয়া চহৰীয়া, মোৱামাৰী-পুথিমাৰীত চোলেমান হক, ধূলাত আব্দুল বাতেন, দেওমৰনৈত ধীৰেন্দ্ৰ ডেকা, দুনী-দিপীলাত জয়শ্ৰী ডেকা, ছিপাঝাৰ-দেৱানন্দত মাধৱী দেৱী, শ্যামপুৰত তাচমিনা খাতুন, বিহুদিয়াত চালেমা চুলতানা ৰেজিয়া, বেছিমাৰীত হবিবৰ ৰহমান, লালপুলত ইংকু মণই কোচ, শ্যামটিলাত ইক্ৰামুল হুছেইন, লক্ষীমপুৰ-টেঙাবাৰীত কুসুম ডেকাৰ প্ৰাৰ্থিত্ব চূড়ান্ত হোৱা বুলি দলীয় সূত্ৰত প্ৰকাশ ।

Your Comments