ৰাফেল চুক্তি সন্দৰ্ভত আজি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত গুৰুত্বপূৰ্ণ শুনানি । উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, ন্যায়াধীশ এছ কে ক'ল আৰু ন্যায়াধীশ কে এম জোছেফ নেতৃত্বাধীন বিচাৰপীঠে গ্ৰহণ কৰিব এই গুৰুত্বপূৰ্ণ শুনানি ।
উল্লেখ্য যে মোডী চৰকাৰে ফৰাচী সন্থা ডাছুৰ পৰা এক চুক্তিৰ জৰিয়তে ৩৬খন ৰাফেল যুদ্ধ বিমান ক্ৰয় কৰিছিল ৷ আৰু সেই ৰাফেল যুদ্ধ বিমান ক্ৰয়ত হোৱা দুৰ্নীতিৰ কথা উত্থাপন কৰিছিল কংগ্ৰেছকে ধৰি দেশৰ বিভিন্ন ৰাজনৈতিক দল আৰু বাওঁপন্থী সংগঠনসমূহে । তাৰ পাছতেই সমগ্ৰ ঘটনাটোত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে হস্তক্ষেপ কৰে ৷
যোৱা ৩১ অক্টোবৰৰ দিনা উচ্চতম ন্যায়ালয়ে ৰাফেল ক্ৰয়ৰ সমস্ত তথ্য ১০ দিনৰ ভিতৰত ন্যায়ালয়ত জমা দিব লাগে বুলি কেন্দ্ৰীয় চৰকাৰলৈ জাননী জাৰি কৰিছিল । কিন্তু সেই নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে ৰাফেল ক্ৰয়ৰ কোনো তথ্য ন্যায়ালয়ক জমা দিয়া নাছিল ।
সময়সীমা উকলি যোৱাৰ পাছত ১২ নৱেম্বৰৰ দিনা মোডী চৰকাৰে উচ্চতম ন্যায়ালয়ৰ ওচৰত ৰাফেল ক্ৰয়ৰ সকলোবোৰ তথ্য জমা দিয়ে । আজি সেই জমা দিয়া তথ্যৰ ওপৰত ভিত্তি কৰিয়েই সৰ্বোচ্চ ন্যায়ালয়খনে প্ৰদান কৰিব শুনানি ।
- Log in to post comments
- 52 views