যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষসহিতে তিনি বিষয়াৰ বিৰুদ্ধে গোচৰ ৰুজু

যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষসহিতে তিনি বিষয়াৰ বিৰুদ্ধে গোচৰ ৰুজু

যোৱা ১ নৱেম্বৰৰ পৰা ৭ নৱেম্বৰলৈ এটা সপ্তাহত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ১৯টাকৈ নৱজাতকৰ মৃত্যু হোৱা ঘটনাই ৰাজ্যৰ বিয়াগোম চিকিৎসা বিভাগৰ ফোঁপোলা স্বৰূপটো উদঙাই দিয়াৰ পাছত সৰ্বত্ৰে চর্চা হৈছিল স্বাস্থ্য খণ্ডৰ ভয়ংকৰ ঘটনাটো ।

ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰম্ভ হৈছিল প্ৰতিবাদ । সকলোৱে একেমুখে দোষীক উপযুক্ত শাস্তি বিহাৰ দাবী জনাইছিল । তদন্তকাৰী দলো উপস্থিত হ'ল এসপ্তাহৰ পাছত চিকিৎসা মহাবিদ্যালয়খনত ঘটনাৰ তদন্তৰ বাবে ।

কিন্তু তাৰ মাজতে দুৰ্নীতিবিৰোধী যুৱ-শক্তি, অসমে ঘটনা সংক্রান্তত ইতিমধ্যে পঞ্জীয়ন কৰিছে গোচৰ । চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ দেৱজিৎ হাজৰিকা, অধীক্ষক সৌৰভ বৰকটকী, যুটীয়া স্বাস্থ্য সঞ্চালক অমৃত শইকীয়াৰ বিৰুদ্ধে যোৰহাট আৰক্ষী থানাত ৰুজু কৰিছে গোচৰ ।

এই কথা জানিবলৈ দিছে সংগঠনটোৰ সভাপতি ধৰ্মকান্ত গগৈয়ে ।
 

Your Comments