বৰগীত পৰিৱেশনেৰে জিলিকিছে গহপুৰৰ নেইনা 

বৰগীত পৰিৱেশনৰে জিলিকিছে গহপুৰৰ নেইনা 

গহপুৰ মহকুমাৰ সোলেঙী গাঁৱৰ এগৰাকী প্ৰতিভাৱান যুৱতীয়ে মহাপুৰুষ দুজনাৰ সৃষ্টিৰাজি "বৰগীত"ক জীৱনৰ ব্ৰত হিচাপে মানি লৈ অহৰহ অব্যাহত ৰাখিছে অনুশীলন ।

বৰগীত পৰিৱেশনৰে জিলিকিছে গহপুৰৰ নেইনা 

আধ্যাত্মিকভাৱেৰে পৰিপূৰ্ণ বৰগীতসমূহ সুললিত কণ্ঠেৰে প্ৰকাশ পায় তেওঁৰ কণ্ঠত । তেওঁৰ জীৱনৰ লক্ষ্যই হৈ পৰিছে বৰগীত পৰিৱেশন । সোলেঙীৰ বসন্ত বৰা আৰু মিনালী বৰাৰ কন্যা নেইনা বৰাই বৰগীত পৰিৱেশনৰ জৰিয়তে মহকুমা, জিলা তথা অসম ভিত্তিত বহুকেইটা পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে ।

বৰগীত পৰিৱেশনৰে জিলিকিছে গহপুৰৰ নেইনা 

নাৰায়ণপুৰৰ জ্যোতি কুমাৰ বৰাক গুৰু হিচাপে মানি অব্যাহত ৰাখিছে বৰগীত সাধনা । পঢ়া-শুনাৰ সমানে সমানে নেইনাই আগবঢ়াই নিছে সংগীত সাধনা । বৰ্তমান নেইনা বৰা ছয়দুৱাৰ মহাবিদ্যালয়ৰ স্নাতক প্ৰথম ষাণ্মাসিকৰ ছাত্ৰী ।

নেইনা সংগীতৰ লগে লগে নাটক, অভিনয়, নৃত্য আদিৰ লগতো জড়িত ।

Your Comments