সকলো শ্ৰেণীৰ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা মুনাফ পেটেলৰ

সকলো শ্ৰেণীৰ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা মুনাফ পেটেলৰ

১৫ বছৰে আন্তঃৰাষ্টীয় ক্ৰিকেটত বৰ্ণিল অধ্যায় সূচনা কৰি অৱশেষত খেলুৱৈ জীৱনৰ পৰা অৱসৰৰ কথা ঘোষণা কৰে ভাৰতীয় ক্ৰিকেটৰ অন্যতম তাৰকা বলাৰ মুনাফ পেটেলে । বেগী বলাৰজনে আন্তঃৰাষ্টীয় ক্ৰিকেটত অভিষেক ঘটাইছিল ২০০৬ চনত ।

সকলো শ্ৰেণীৰ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা মুনাফ পেটেলৰ

১৩খন টেষ্ট, ৭০খন এদিনীয়া আৰু ৩খন টি-২০ খেলত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছিল বেগী বলাৰজনে । ইয়াৰ উপৰি বেগী বলাৰজনে ৰাজস্থান ৰয়েলছ, মুম্বাই ইণ্ডিয়ানছ, গুজৰাট লায়ন্স দলৰ হৈ আই পি এলত ভাগ লৈছিল ।

সকলো শ্ৰেণীৰ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা মুনাফ পেটেলৰ

অৱসৰৰ কথা ঘোষণা কৰি বেগী বলাৰজনে কয়, "নতুন প্ৰজন্মক সুবিধা দিয়াৰ বাবেই তেওঁ অৱসৰ ঘোষণা কৰে ৷" লগতে তেওঁ উল্লেখ কৰে, "সকলোৰে এটা সময় থাকে, মোৰ সৈতে ক্ৰিকেট জীৱন আৰম্ভ কৰা ধোনী বাহিৰে বাকী সকলোৱে অৱসৰ গ্ৰহণ কৰিলে ৷"

উল্লেখ্য যে ১৯৮৩ চনত গুজৰাটত জন্মগ্ৰহণ কৰিছিল ক্ৰিকেটাৰজনে ।

Your Comments