বিবাহ বান্ধোনত সোমাবলৈ ৰণবীৰ-দীপিকা ৰাওনা হ'ল ইটালীলৈ

বিবাহ বান্ধোনত সোমাবলৈ ৰণবীৰ-দীপিকা ৰাওনা হ'ল ইটালীলৈ

বলীউডৰ দুই জনপ্ৰিয় তাৰকা দীপিকা পাডুকন আৰু ৰণবীৰ সিঙৰ বিবাহৰ বিষয়টোক লৈ সম্প্ৰতি চৰ্চা তুংগত । অহা ১৪ আৰু ১৫ নৱেম্বৰত ইটালীত দুয়োৰে বিবাহ সম্পন্ন হ'ব ।

শুকুৰবাৰে ইটালীলৈ ৰাওনা হোৱা ৰণবীৰ-দীপিকাক দেখা গ'ল মুম্বাইৰ বিমানবন্দৰত । লগত ৰণবীৰৰ পৰিয়ালৰ কেইবাজনো । দীপিকা-ৰণবীৰ দুয়োৰে পিন্ধনত আছিল বগা সাজ ।

বিবাহ বান্ধোনত সোমাবলৈ ৰণবীৰ-দীপিকা ৰাওনা হ'ল ইটালীলৈ

ইটালী অভিমুখী তাৰকাদ্বয়ক দেখাৰ লগে লগে বিমানবন্দৰ প্ৰাংগণত এক আনন্দময় পৰিবেশৰ সৃষ্টি হয় । সুদীৰ্ঘ ছবছৰজোৰা সম্পৰ্কৰ অন্তত সংসাৰী হ'বলৈ আগবাঢ়িছে দুয়ো ।

যোৱা মাহত ছ'চিয়েল মিডিয়াৰ জৰিয়তে নিজৰ বিবাহৰ দিন ঘোষণা কৰিছিল ৰণবীৰ আৰু দীপিকাই ।

অনুষ্কা শৰ্মা আৰু বিৰাট কোহলিৰ পিছত নি:সন্দহে ৰণবীৰ-দীপিকা হ'ব আন এক জনপ্ৰিয় তথা বহুলভাৱে চৰ্চিত চেলিব্ৰিটী দম্পতী ।

Your Comments