চৰাইদেউত "বেবী ড'ল"ৰ শুভমুক্তি

s

#চৰইদেউৰ পৰা #ঘন বৰা

চৰাইদেউ জিলাৰ বৰুৱানগৰ আটাল পথাৰৰ উদীয়মান কন্ঠশিল্পী কৰুণা গগৈ আৰু ৰত্ন কুমাৰ চাংমাইৰ "অ' বেবী ড'ল..." গীতটোৰ আনুষ্ঠানিকভাৱে অলপতে শুভমুক্তি দিয়ে । বৰুৱা নগৰ আটাল পথাৰ সূৰুযমুখী যুৱক সংঘৰ প্ৰেক্ষাগৃহত গীতটিৰ শুভমুক্তিৰ লগত সংগতি ৰাখি এক অনুষ্ঠানৰ আয়োজন কৰে ৷ সমাজকৰ্মী বলোৰাম চেতিয়াই বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা অনুষ্ঠানত বিশিষ্ট ব্যক্তি সকলে অংশগ্ৰহণ কৰে ৷

উক্ত অনুষ্ঠানৰ মাজতেই শিল্পী দুগৰাকীয়ে "অ বেবী ডল" গীতটি পৰিৱেশন কৰি শুভমুক্তি দিয়ে ৷ সোণাৰিৰ  দীৰ্ঘজ্যোতি দত্তৰ মালিকানাধীন ষ্টুডিঅ'ত লেখৰাজ নন্দৰ কথা আৰু সুৰেৰে নিৰ্মাণ কৰা  চাহ জনগোষ্ঠীয় গীত "অ বেৱী ডল.." শীৰ্ষক গীতটোৱে অসমৰ ৰাইজৰ সমাদৰ লাভ কৰিব বুলি কণ্ঠশিল্পী দুগৰাকী যথেষ্ট আশাবাদী ৷

Your Comments