তিনিচুকীয়া ভূপেন হাজৰিকা সেতুৰ ওচৰত প্ৰচণ্ড গুলীয়াগুলী।এখন দোকানলৈ লক্ষ্য কৰি সেনাৰ পোছাকত অহা দুৰ্বৃত্তই শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰিছে ৫জন ব্যক্তিক ।
ধলা খেৰাবাৰী নামৰ ঠাইত এই ঘটনা সংঘটিত হৈছে।ঘটনাস্থলীত সেনা আৰু আৰক্ষী উপস্থিত হৈছে।দুয়োটা ফৈদৰ মাজত বৰ্তমানো গুলীয়াগুলী হৈ আছে বুলি জানিব পৰা গৈছে ।
ঘটনাস্থলীত উপস্থিত আছে জিলা আৰক্ষীৰ অধীক্ষক প্ৰশান্ত চাংমাই। মৃত ৫ সদস্য বঙালী সম্প্ৰদায়ৰ বুলি সন্দেহ কৰা হৈছে। মৃত আটাইকেইজন একেটা পৰিয়ালৰ বুলি নিশ্চিত কৰা হৈছে।
কেইবাজনো ব্যক্তি আহত হোৱাৰো খবৰ পোৱা গৈছে ।আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । অচিনাক্ত দুৰ্বৃত্তক আলফা সদস্য বুলি সন্দেহ কৰা হৈছে । মুখ্য মন্ত্ৰীয়ে ধলালৈ যাবলৈ নির্দেশ দিছে ডিজিপি কুলধৰ শইকীয়া আৰু এডিজিপি মুকেশ আগৰৱালাক ।
মুখ্য মন্ত্ৰীয়ে সমগ্ৰ ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দিছে । আজি নিশা ৯ বজাত সংঘটিত হয় এই ঘটনা । নিহতসকলৰ নাম সুবল দাস,অনন্ত বিশ্বাস,শ্যামল বিশ্বাস,অবিনাশ বিশ্বাস,ধনঞ্জয় নমঃশূদ্ৰ
● শক্তি মন্ত্ৰী তপন কুমাৰ গগৈ,মন্ত্ৰী কেশৱ মহন্তক ঢলালৈ যাবলৈ তৎকালীন ভাবে নিৰ্দেশ দিছে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।
●সংঘটিত ঘটনাক মুখ্য মন্ত্ৰীয়ে কাপুৰুষ আখ্যা দিছে ।সন্ত্ৰাসবাদক বিৰুদ্ধে কঠোৰ হোৱাৰো হুংকাৰ দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ।
● ধলা ঘটনাত স্থানীয় জনসাধাৰণে আৰক্ষীৰ হাত থকা সন্দেহ প্ৰকাশ কৰিছে ।কাৰণ ঘটনাৰ পাছত আৰক্ষীক খবৰ দিয়াৰ পাছত আৰক্ষীৰ ফোন বন্ধ আছিল বুলি ৰাইজৰ দাবী। লগতে অন্য দিনৰ দৰে আজি আৰক্ষীৰ নিয়মীয়া তালাচী বন্ধ আছিল উক্ত অঞ্চলটোত।
● অসম সাহিত্য সভাই এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা জনাইছে।দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তিৰ দাবী জনাইছে সাহিত্য সভা সভাপতি পৰমানন্দ ৰাজবংশীয়ে।
● অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাইও এই ঘটনাক গৰিহণা জনাইছে । দোষীক গ্ৰেপ্তাৰ কৰিব লাগে বুলি দাবী জনাইছে।
- Log in to post comments
- 30 views