দক্ষতা বিকাশত আজমল ফাউণ্ডেচনলৈ ''এছোকাম''ৰ সোণৰ পদক

দক্ষতা বিকাশত আজমল ফাউণ্ডেচনলৈ এছোচেমৰ সোণৰ পদক

হোজাইৰ অগ্ৰণী সমাজসেৱী সংস্থা আজমল ফাউণ্ডেচনে দক্ষতা বিকাশ, যুৱ প্ৰতিভা বিকাশৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি উদ্যমিতা বিকাশ আঁচনি সফল ৰূপায়ণৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে সংস্থাটোক দিল্লীত সন্মানিত কৰা হয়

 আজি দিল্লীৰ হোটেল মৌৰ্যত অনুষ্ঠিত এখন গাম্ভীৰ্যপূৰ্ণ সভাত কেন্দ্ৰীয় ক্ষুদ্ৰ আৰু লঘু উদ্যোগ আৰু দক্ষতা বিকাশৰ ৰাজ্যিক মন্ত্ৰী অনন্ত কুমাৰ হেগড়েই আজমল ফাউণ্ডেচনৰ ট্ৰাষ্ট্ৰী আব্দুল ৰহমান আজমল আৰু জেনেৰেল মেনেজাৰ খছৰুল ইছলামৰ হাতত “শ্ৰেষ্ঠ এন জি অ’-দক্ষতা বিকাশ স্বৰ্ণ বঁটা ২০১৭-১৮” তুলি দিয়ে ৷

দক্ষতা বিকাশত আজমল ফাউণ্ডেচনলৈ এছোচেমৰ সোণৰ পদক

দেশৰ অগ্ৰণী সংস্থা দ্য এছ'চিয়েটেড চেম্বাৰ্ছ অব্‌ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী অব্‌ ইণ্ডিয়া চমুকৈ ‘এছোকাম'-এ ২০১৭-১৮ বৰ্ষত দেশজুৰি উদ্যমিতা বিকাশৰ ক্ষেত্ৰখনত আগবঢ়োৱা অৱদানৰ বাবে হোজাইৰ সংস্থাটিক নিৰ্বাচিত কৰে ৷ সেই উপলক্ষে দিল্লীত অনুষ্ঠিত সভাত আজমল ফাউণ্ডেচনলৈ এই সন্মান আগবঢ়ায় ৷

উল্লেখ্য যে ২০০৫ চনত স্থাপিত আজমল ফাউণ্ডেচনে ৰাজ্যৰ শিক্ষা আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত এক উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে ৷ ৰাজ্যৰ বিভিন্ন পিছপৰা জিলাত কনিষ্ঠ মহাবিদ্যালয়, মহাবিদ্যালয়, বি এড মহাবিদ্যালয় আৰু আইন মহাবিদ্যালয়সহ মুঠ ২৫খন শিক্ষা প্ৰতিষ্ঠান স্থাপন কৰি শিক্ষাৰ দিশত এক বলিষ্ঠ ভূমিকা আগবঢ়াইছে আহিছে ৷

প্ৰায় ১৫,০০০ ছাত্ৰ-ছাত্ৰীয়ে আজমল চি এছ আৰৰ অন্তৰ্গত বিদ্যালয় আৰু মহাবিদ্যালয়ত অধ্যয়ন কৰি আছে ৷ ইয়াৰ লগতে বহুতো আৰ্থিকভাৱে দুখীয়া ছাত্ৰ-ছাত্ৰীক আজমল ফাউণ্ডেচনে আৰ্থিকভাৱে সহযোগ কৰি আহিছে ৷

দক্ষতা বিকাশত আজমল ফাউণ্ডেচনলৈ এছোচেমৰ সোণৰ পদক

দক্ষতা বিকাশৰ ক্ষেত্ৰত আজমল ফাউণ্ডেচনে ইতিমধ্যে স্কিল এমপ্লয়মেণ্ট এণ্ড প্লেচমেণ্ট (ষ্টেপ) আঁচনিৰ জৰিয়তে অসমসহ উত্তৰ প্ৰদেশ, কৰ্ণাটক আৰু মহাৰাষ্ট্ৰত ১১,৭৫০ নিবনুৱা ছাত্ৰ-ছাত্ৰীক দক্ষতাৰ প্ৰশিক্ষণ প্ৰদান কৰি কৰ্মসংস্থাপিত কৰিছে ৷

দক্ষতা বিকাশৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ গ্ৰাম্য উন্নয়ন মন্ত্ৰণালয়ৰ অধীনতে দীনদয়াল উপাধ্যায় (DDU-GKY) আঁচনি আৰু সংখ্যালঘু উন্নয়ন মন্ত্ৰণালয়ৰ অধীনত ''নই মঞ্জিল'' আঁচনিৰ অধীনত মুঠ ২১টা দক্ষতা বিকাশ কেন্দ্ৰৰ জৰিয়তে বিভিন্ন জিলাৰ নিবনুৱা যুৱক-যুৱতীক দক্ষতা বিকাশৰ প্ৰশিক্ষণ প্ৰদানৰে উপযুক্ত কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰি আহিছে ৷

হোজাইস্থিত সংস্থাটোক দিল্লীত সন্মানিত কৰাত সংস্থাটোৰ সকলো স্তৰৰ কৰ্মীক উৎফুল্লিত কৰি তুলিছে ৷
    

Your Comments