এন আৰ চিৰ খচৰা পুনৰীক্ষণৰ আহ্বান অসম চৰকাৰৰ

এন আৰ চিৰ খচৰা পুনৰীক্ষণৰ আহ্বান অসম চৰকাৰৰ

বিজেপি নেতৃত্বাধীন অসম চৰকাৰে এন আৰ চি প্ৰস্তুতি প্ৰক্ৰিয়া সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ইয়াৰ পুনৰীক্ষণৰ দাবী জনাইছে ৷ এন আৰ চিৰ চূড়ান্ত খচৰা তালিকা প্ৰস্তুতৰ পূৰ্বে ইয়াৰ গ্ৰহণযোগ্যতা প্ৰতিষ্ঠাৰ বাবে এক আৰ্হি পুনৰীক্ষণৰ দাবী জনাইছে ৰাজ্য চৰকাৰখনে ৷

আনহাতে, এ পি ডব্লিউৰ তৰফৰ পৰাও এন আৰ চি পুনৰীক্ষণৰ বাবে মহামান্য উচ্চতম ন্যায়ালৰ ওচৰত এক আৰ্জি দাখিল কৰিছে ৷

উল্লেখ্য যে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই ১৯৭১ৰ ২৫ মাৰ্চৰ পূৰ্বে ভাৰতত বাস কৰা লোকসকলক চিনাক্ত কৰিবৰ বাবে পূৰ্বে নিৰ্ধাৰণ কৰি দিয়া ১৫বিধ নথিৰ বিপৰীতে ১০বিধ কৰিবলৈ যুক্তি প্ৰদৰ্শন কৰি উচ্চতম ন্যায়ালয়ত এক প্ৰতিবেদন দাখিল কৰিছিল ৷

এন আৰ চিত নাম কৰ্তন হোৱা লোকসকলে কৰ্তৃপক্ষৰ ওচৰত ওজৰ-আপত্তি কৰিবৰ বাবে ১০বিধ নথি বৈধ কৰিবলৈ হাজেলাই উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ ভিত্তিত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু নাৰিমনৰ বিচাৰপীঠে পূৰ্বৰ ১৫বিধ নথিকে বৈধ বুলি আজি শুনানি প্ৰদান কৰে ৷ 

Your Comments