এন আৰ চি সম্পৰ্কত উচ্চতম ন্যায়ালয়ৰ শুনানি ৷
পূৰ্বে ঘোষণা কৰা ১৫খন নথিয়েই বাহাল থাকিব এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰিবৰ বাবে ৷
আনহাতে, নাম অন্তৰ্ভুক্তিৰ বাবে ওজৰ-আপত্তিৰ সীমা ১৫ ডিচেম্বৰলৈ বৃদ্ধি কৰা হৈছে ৷
মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু নাৰিমানৰ খণ্ড বিচাৰপীঠে আজি শুনানি প্ৰদান কৰে ৷
একেদৰে এন আৰ চিৰ নথি পৰীক্ষণ প্ৰক্ৰিয়া অধিক কঠোৰ কৰিবলৈও ন্যায়ালয়ে নিৰ্দেশ প্ৰদান কৰে ৷
এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক এই বিষয়ে কঠোৰ নিৰ্দেশ প্ৰদান কৰে ন্যায়ালয়ে ৷
- Log in to post comments
- 26 views