সোণাৰিৰ লুখুৰাখনত "মা" আৰু "মন আকাশৰ তৰা" নামৰ দুখন পূৰ্ণাংগ প্ৰদৰ্শন । সোণাৰিৰ লুখুৰাখন গাঁৱৰ অন্যতম অগ্ৰণী সাংস্কৃতিক চৰ্চাৰ মঞ্চ সূৰুযমুখী নাট্য সমাজ । এই সূৰুযমুখী নাট্য সমাজে বিভিন্ন সময়ত অনুষ্ঠান অনুষ্ঠিত কৰি অহা মাজতে এইবাৰ ৰাইজৰ মাজলৈ প্ৰথমবাৰৰ বাবে দুখন পূৰ্ণাংগ নাট মঞ্চস্থ কৰি দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে ।
যশস্বী নাট্যকাৰ ক্ষীতিশ বড়া ৰচিত আৰু মহেন্দ্ৰ বড়াৰ দ্বাৰা পৰিচালিত "মন আকাশৰ তৰা" আৰু নাট্যকাৰ ডিম্বেশ্বৰ কোঁৱৰ ৰচিত আৰু মৃদুল বৰগোঁহাইৰ দ্বাৰা পৰিচালিত "মা" নামৰ পূৰ্ণাংগ দুখন যোৱা ২৭ আৰু ২৮ অক্টোবৰত লুখুৰাখনত গাঁৱৰ ৰাজোৱাৰ প্ৰাথমিক বিদ্যালয়ৰ খেল পথাৰত দুদিনীয়াকৈ অনুষ্ঠিত হৈ যায় ।
সোণাৰিৰ বেঙেনাবাৰী, লুখুৰাখন, বালিজান গ্ৰাণ্ট, টকলীমৰা, দোলাখৰীয়া আদিৰ ন-পুৰণি শিল্পীসকলৰ অভিনীত নাট দুখনৰ প্ৰতিজন অভিনেতা-অভিনেত্ৰীৰে অতি সাৱলীল অভিনয়ে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয় । ইয়াৰোপৰি থানেশ্বৰ বড়াৰ পৰিকল্পনা তথা কৰবী বড়াৰ ৰচিত "সূৰুযমুখী" আৰু "ৰংজুলিৰ হাঁহি" নামৰ দুখন গীতি নৃত্যনাটিকা প্ৰদৰ্শন কৰিব ।
- Log in to post comments
- 63 views