অসম প্ৰাদেশিক যোগী সন্মিলনীৰ আগন্তুক শতবৰ্ষীয় অনুষ্ঠান সম্পৰ্কে বঙাইগাঁও জিলাভিত্তিত এক জন জাগৰণ সভা আজি জিলাখনৰ নৰ্থ বইটামাৰীৰ ডেকলিমাৰীৰ জগন্নাথ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হয় ।
বিয়লি ২ বজাৰ পৰা আৰম্ভ হোৱা এই জন জাগৰণ সভাত সভাপতিত্ব কৰে ডা: পুলিন চন্দ্ৰ নাথে । আদৰণী ভাষণ প্ৰদান কৰে জিলা সমিতিৰ সম্পাদক লক্ষেশ্বৰ নাথে ।
সভাত উপস্থিত থাকি অসম প্ৰাদেশিক যোগী সন্মিলনীৰ শতবৰ্ষীয় উদ্যাপন সমিতিৰ সম্পাদক প্ৰধান উদয় নাথ, বিত্ত সম্পাদক ডঃ হীৰালাল হাজৰিকা, উপ-সভাপতি জয়চন্দ্ৰ নাথ, উপদেষ্টা দীনেশ কাকতি নাথ (সাহিত্যিক পেঞ্চনাৰ) আদি ব্যক্তিসকলে ভাষণত আগন্তুক শতবৰ্ষীয় অনুষ্ঠানৰ ক্ষেত্ৰত বঙাইগাঁও জিলাৰ স্ব-গোষ্ঠীৰ ৰাইজৰ পূৰ্ণ সহযোগ কামনা কৰে ।
লগতে সামাজিক-ৰাজনৈতিকভাৱে বহুক্ষেত্ৰত বঞ্চিত নাথ ধৰ্মৰ লোকসকলৰ কেনেদৰে শৈক্ষিক-বৌদ্ধিক তথা সামাজিক ক্ষেত্ৰত উৎকৰ্ষ সাধন কৰিব পৰা যায় সেইবিষয়ে বক্তাসকলে ভাষণ প্ৰদান কৰে ।
আজিৰ এই জন জাগৰণ সভাত স্থানীয় সাহিত্যিক দ্বিজেন নাথ, বইটামাৰী আঞ্চলিক যোগী সমিতিৰ সভাপতি হেমন্ত কুমাৰ নাথ, বিষয়ববীয়া মহেশ নাথ আদিও উপস্থিত থাকে ।
প্ৰায় তিনি শতাধিক লোক উপস্থিত থকা এই সভাত কে'বাগৰাকী শিল্পীয়ে গীত পৰিৱেশন কৰাৰ উপৰি নাগাৰা নাম পৰিৱেশন হয় ।
- Log in to post comments
- 99 views