ডিব্ৰুগড়ৰ পৰা জ্যোতিষ পাতিৰ
সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ আজি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকখন ডিব্রুগড়ত অনুষ্ঠিত হয় । ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত কাৰ্যনিবাহকৰ অন্তত জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ উপ-সভানেত্ৰী অঞ্জু বৰা দত্তৰ লগতে আন বিষয়ববীয়াসকলে এখন সংবাদমেল অনুষ্ঠিত কৰে ।
সংবাদমেলত সংগঠনটোৱে ৰাজ্য চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি চৰকাৰে জিলা প্ৰশাসন কৰ্মচাৰী সন্থাক বছৰ বছৰ বঞ্চনা কৰি অহাৰ অভিযোগ উত্থাপন কৰে ।
জিলা প্ৰশাসন কৰ্মচাৰীসকলৰ ১৪ দফীয়া দাবী মানি নোলোৱাৰ প্ৰতিবাদত ১ নৱেম্বৰৰ ৩ নৱেম্বৰলৈ প্ৰথম পৰ্যায়ত আৰু ১৩ নৱেম্বৰৰ পৰা ১৬ নৱেম্বৰলৈ দ্বিতীয় পৰ্যায়ত ৰাজ্যজুৰি অসহযোগ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব ।
তদুপৰি, আগন্তুক পঞ্চায়ত নিৰ্বাচনো বৰ্জন কৰাৰ হুংকাৰ দিছে সংগঠনটোৰ নেতৃবৰ্গই ।
- Log in to post comments
- 14 views