নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ সন্দৰ্ভত সংসদীয় যুটীয়া সমিতিয়ে দেশৰ নাগৰিকৰ মতামত গ্ৰহণ কৰা প্ৰক্ৰিয়া চলি থকা সময়তে অসমত এই বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ চলি থকাৰ লগতে দেশৰ কেইবাটাও ৰাষ্ট্ৰীয় ৰাজনৈতিক দলে ইয়াৰ বিৰোধিতা কৰাৰ পাছতো বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে দেশৰ কেইবাখনো ৰাজ্যৰ ১৬খন জিলাত ধৰ্মৰ ভিত্তিত বিদেশীক নাগৰিকত্ব প্ৰদান কৰাৰ বাবে অধিসূচনা জাৰি কৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে নিখিল ভাৰত ছাত্ৰ ফেডাৰেচন (AISF)ৰ অসম ৰাজ্য পৰিষদে ।
সংগঠনটোৰ ৰাজ্যিক সভাপতি মানস বৰাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এই বিষয়ে সংসদত আলোচনা চলি থকাৰ মাজতে, বিভিন্ন দল-সংগঠনৰ বাদ-প্ৰতিবাদ চলি থকাৰ সময়তে নাগৰিকত্বৰ দৰে অতি সংবেদনশীল বিষয় এটাত চৰকাৰে এনেদৰে একপক্ষীয় সিদ্ধান্ত গ্ৰহণ কৰা কাৰ্য অসাংবিধানিক ।
অসমত হিন্দু বাংলাদেশী সংস্থাপনৰ ক্ষেত্ৰত বিজেপিৰ এয়া 'এদেও দুদেও লোটা নিয়াৰ ছেও' । চৰকাৰে দেশৰ আন ৰাজ্যত বিদেশীসকলক নাগৰিকত্ব দি পাছত অসমত সংস্থাপিত কৰা আৰু পাছত সুবিধা বুজি অসমৰো কিছু জিলা এই অধিসূচনাৰ অন্তৰ্গত কৰাৰ ষড়যন্ত্ৰ কৰিছে ।
দল-সংগঠনসমূহক সংশোধনী বিধেয়কত ব্যস্ত ৰাখি পিছ দুৱাৰেদি চৰকাৰে বিদেশীক নাগৰিকত্ব দিয়া এই কাৰ্য কেইবাখনো ৰাজ্যত হ'বলগা নিৰ্বাচনকেন্দ্ৰিক টোপ বুলিও কৈ এই অধিসূচনা বাতিল কৰাৰ দাবী জনাই এআইএছএফে ।
- Log in to post comments
- 42 views