শাৰদীয় মিচিং সুন্দৰীৰ মুকুট তেজপুৰৰ স্মিতা মিলিলৈ

শাৰদীয়১মিচিং১সুন্দৰীৰ১মুকুট১তেজপুৰৰ১স্মিতা১মিলিলৈ

মাজুলীৰ পৰা ৰাজীৱ পাতিৰ

মিচিং জনগোষ্ঠীৰ বৰ্ণিল ঐতিহ্য-সংস্কৃতিক বিশ্ব দৰবাৰত তুলি ধৰাৰ মানসেৰে উদীয়মান সাংস্কৃতিক কর্মী শান্তনু পেগুৰ নেতৃত্বত সমাজ সচেতক তথা সংস্কৃতিপ্ৰেমী শিক্ষক হৰিচৰণ পেগু, উদীয়মান যুৱক নীতিশ দলে আৰু কাৰপুমপুলি মিলিৰ সহযোগত প্ৰথমবাৰলৈ মিচিং সমাজৰ ঐতিহ্য, পৰম্পৰা আৰু সংস্কৃতি ৰক্ষাৰ লক্ষ্যৰে বিশ্বৰ ভিতৰতে জনপ্ৰিয় ছ'চিয়েল মিডিয়া ফেচবুকত "Welcome to Mising Culture & Heritage " নামেৰে এটা পেজ খুলি আয়োজন কৰা সুন্দৰী প্ৰতিযোগিতা 'শাৰদীয় মিচিং সুন্দৰী-২০১৮'ৰ ফলাফল ঘোষণা কৰা হৈছে ।

শাৰদীয়১মিচিং১সুন্দৰীৰ১মুকুট১তেজপুৰৰ১স্মিতা১মিলিলৈ

১৬ অক্টোবৰৰ পৰা ২৫ অক্টোবৰৰ সন্ধিয়া ৬ বজালৈকে অনুষ্ঠিত এই সুন্দৰী প্ৰতিযোগিতাত অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ ৫০০গৰাকী সুন্দৰী প্ৰতিযোগীয়ে ভাগ লয় । ঘোষণা কৰা ফলাফল অনুসৰি ৫০০গৰাকী সুন্দৰী প্ৰতিযোগীৰ মাজৰ পৰা সৰ্বাধিক অনলাইন যোগেদি ভোট লাভ কৰি তেজপুৰৰ জীয়াভৰলীৰ স্মিতা মিলিয়ে (১৮) 'শাৰদীয় মিচিং সুন্দৰী-২০১৮'ৰ মুকুট আঁজুৰি আনিবলৈ সক্ষম হয় ।

শাৰদীয়১মিচিং১সুন্দৰীৰ১মুকুট১তেজপুৰৰ১স্মিতা১মিলিলৈ

ধেমাজি জিলাৰ জোনাইৰ ডৰিনা মিলিয়ে (২২) দ্বিতীয় আৰু গোলাঘাটৰ দেৰগাঁৱৰ ৰিমজিম পেগুৱে (২৩) তৃতীয় স্হানৰ সন্মান অৰ্জন কৰে । বিজয়ী প্ৰতিযোগীসকলক প্ৰমাণ-পত্ৰসহ বিশেষ পুৰস্কাৰেৰে পুৰস্কৃত কৰিব বুলি আয়োজকমণ্ডলীয়ে জানিবলৈ দিছে ।

শাৰদীয়১মিচিং১সুন্দৰীৰ১মুকুট১তেজপুৰৰ১স্মিতা১মিলিলৈ

উল্লেখ্য যে সুন্দৰী প্ৰতিযোগীসকলে মিচিং জনগোষ্ঠীয় পৰম্পৰাগত সাজ-পাৰ পৰিধান কৰাটো বাধ্যতামূলক আছিল । মিচিং কৃষ্টি-সংস্কৃতি ৰক্ষা কৰাৰ লগতে যুৱতীসকলক উৎসাহিত কৰা "Welcome to Mising Culture & Heritage " ফেচবুক পেজৰ আশাশুধীয়া প্ৰচেষ্টাক সকলোৱে একেমুখে প্ৰশংসা কৰিছে ।

Your Comments