নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা
চেলেংহাটৰ সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান 'উৰ্ উৰ্ উৰ্ উৰ্ অভ্ৰভেদী'ৰ উদ্যোগত অহা ৫ নৱেম্বৰত সুধাকণ্ঠ ড: ভূপেন হাজৰিকাৰ মৃত্যু দিৱসটি আয়োজন কৰা হৈছে ।
উল্লেখ্য যে অনুষ্ঠানটিয়ে সুধাকণ্ঠৰ মৃত্যু দিৱসটি প্ৰতিবছৰে 'আস্থাৰ দিন' ৰূপে পালন কৰি অহাৰ লগতে ভূপেন্দ্ৰ সঙ্গীতৰ এজন একনিষ্ঠ সাধক তথা বিশিষ্ট সংগীত শিল্পীক ড: ভূপেন হাজৰিকা সোঁৱৰণি সমন্বয় বঁটা আগবঢ়াই আহিছে ।
চলিত বৰ্ষৰ এই বঁটা লাভ কৰিছে নগাঁও জিলাৰ পুৰণিগুদামৰ ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক নয়নজ্যোতি শইকীয়াই । উল্লেখ্য যে বঁটাপ্ৰাপক শইকীয়াই শৈশৱৰে পৰাই ভূপেন্দ্ৰ সঙ্গীতৰ নিৰলস সাধনা কৰি অহাৰ লগতে নৱপ্ৰজন্মক ভূপেন্দ্ৰ সঙ্গীতৰ প্ৰতি উদ্ধুদ্ধ কৰিবলৈ অসমৰ বিভিন্ন প্ৰান্তত বিনামূলীয়া কৰ্মশালা আয়োজন কৰি আহিছে ।
অহা ৫ নৱেম্বৰত চেলেংহাটৰ বৰগঞা গাঁও প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া 'আস্থাৰ দিন'ত নয়নজ্যোতি শইকীয়াক বঁটা প্ৰদান কৰিব অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া ইন্দ্ৰজিৎ কুমাৰ বৰুৱাই ।
শিক্ষাবিদ প্ৰয়াত পুনাৰাম গগৈ আৰু জয়দা গগৈ ফাউণ্ডেচনৰ তৰফৰ পৰা আগবঢ়োৱা এই বঁটাত আছে এখনি প্ৰশস্তি-পত্ৰ, এটি ধনৰ টোপোলা, সুধাকণ্ঠৰ স্মাৰক ৰূপৰ তৰা খচিত এটি টুপীৰ লগতে এখন চেলেং চাদৰ ।
- Log in to post comments
- 60 views