নগাঁৱৰ পৰা ৱাহিদুদ জামান
নগাঁও জিলাৰ ননৈ পোতনিমুখ চুতীয়া গাঁৱত চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অখণ্ড ভাগৱত পাঠৰ অন্তিম দিনা বৃহস্পতিবাৰে নিশা স্থানীয় অঞ্চলৰ মহিলাসকলৰ দ্বাৰা পৰিৱেশিত হ'ল 'পাশা পৰ্ব' ভাওনা ।
পোন প্ৰথমবাৰৰ বাবে পোতনিমুখ চুতীয়া গাঁৱৰ স্থানীয় মহিলাসকলৰ দ্বাৰা অভিনয় সমৃদ্ধ এই ভাওনাই উপস্থিত দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হয় । বৰ্তমান সময়ত পুৰুষৰ লগতে সমানে আগৱাঢ়িছে মহিলাসকলো ।
তাকে প্ৰমাণ কৰিলে এই অঞ্চলৰ মহিলাসকলে । এই মহিলা ভাওনা চাবলৈ কেইবা শতাধিক ৰাইজৰ পাৰ ভঙা উছাহ পৰিলক্ষিত হয় ।
শৰতৰ সেমেকা নিশাকো নেওচি সকলোৱে ভাওনা চোৱাত ব্যস্ত হৈ পৰাটো আছিল লক্ষণীয় ।
- Log in to post comments
- 19 views