ডিব্ৰুগড়ৰ সংগীত শিল্পী শিৱচৰণ দাসলৈ ভূপেন হাজৰিকা সংহতি বঁটা

ডিব্ৰুগড়ৰ সংগীত শিল্পী শিৱচৰণ দাসলৈ ভূপেন হাজৰিকা সংহতি বঁটা

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন

অসমৰ চাহ জনগোষ্ঠীৰ বিশিষ্ট সংগীত শিল্পী শিৱচৰণ দাসলৈ ডঃ ভূপেন হাজৰিকা স্মৃতিৰক্ষা সমিতি আৰু গোলাঘাট জিলা ছাত্ৰ সন্থাই আগবঢ়াইছে ডঃ ভূপেন হাজৰিকা সংহতি বঁটা, ২০১৮ ।

ডিব্ৰুগড় নিৱাসী, এসময়ৰ জনপ্ৰিয় অনাতাঁৰ শিল্পীগৰাকীয়ে মাটিৰ গোন্ধসমৃদ্ধ সুবাসেৰে গীত পৰিবেশন কৰি মুগ্ধ কৰিছিল অসমৰ শ্ৰোতা সমাজক । জিলা ছাত্ৰ সন্থা আৰু স্মৃতিৰক্ষা সমিতিয়ে ঘোষণা কৰা উক্ত বঁটাত নগদ ২০ হাজাৰ টকাসহ শৰাই, সফুৰা আৰু মানপত্ৰ প্ৰদান কৰা হ'ব ৷

ধাৰাবাহিকভাৱে প্ৰদান কৰি অহা এই সন্মান বিগত সময়ত অসমৰ স্বনামধন্য সংগীত শিল্পী ধনদা পাঠক, ভাস্কৰ্য শিল্পী বিৰেণ সিং, চিত্ৰশিল্পী ৰবিৰাম ব্ৰক্ষ্ম, সমাজকৰ্মী বিৰুবালা ৰাভা, সংগীত শিল্পী সূৰ্য দাসলৈ আগবঢ়োৱা হৈছিল ।

অহা ৫ নৱেম্বৰত সুধাকণ্ঠৰ স্মৃতিৰক্ষা দিৱসৰ দিনা শিল্পীজনক এই সন্মানীয় বঁটাটি প্ৰদান কৰা হ'ব বুলি জিলা ছাত্ৰ সন্থা আৰু স্মৃতিৰক্ষা সমিতিয়ে জানিবলৈ দিয়ে ।

Your Comments