সোণাৰিৰ পৰা ঘন বৰা
সোণাৰিৰ লুখুৰাখন গাঁৱৰ অন্যতম অগ্ৰণী সাংস্কৃতিক চৰ্চাৰ মঞ্চ সূৰুযমুখী নাট্য সমাজ । এই সূৰুযমুখী নাট্য সমাজে বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰি অহাৰ সময়তে এইবাৰ ৰাইজৰ মাজলৈ যশস্বী নাট্যকাৰ ক্ষীতিশ বড়া ৰচিত আৰু মহেন্দ্ৰ বড়াৰ দ্বাৰা পৰিচালিত "মন আকাশৰ তৰা" আৰু নাট্যকাৰ ডিম্বেশ্বৰ কোঁৱৰ ৰচিত আৰু মৃদুল বৰগোঁহাইৰ দ্বাৰা পৰিচালিত "মা" নামৰ পূৰ্ণাংগ দুখন অহা ২৭ আৰু ২৮ অক্টোবৰত লুখুৰাখন গাঁৱৰ ৰাজোৱাৰ প্ৰাথমিক বিদ্যালয় খেলপথাৰত দুদিনীয়াকৈ মঞ্চস্থ কৰিব ৷
ইতিমধ্যে সোণাৰিৰ বেঙেনাবাৰী, লুখুৰাখন, বালিজান গ্ৰাণ্ট, টকলীমৰা, দোলাখৰীয়া আদিৰ ন-পুৰণি শিল্পীসকলে পূৰ্ণগতিত আখৰাত ব্যস্ত হৈ পৰিছে । ইয়াৰোপৰি কৰবী বড়াৰ ৰচিত আৰু থানেশ্বৰ বড়াৰ পৰিচালনাত "সূৰুযমুখী" আৰু "ৰংজুলিৰ হাঁহি" নামৰ দুখন গীতিনৃত্য নাটিকাও প্ৰদৰ্শন কৰা হ'ব ।
- Log in to post comments
- 47 views