বটদ্ৰৱা থানত তথ্যচিত্ৰৰ দৃশ্যগ্ৰহণৰ কামত পাপন

বটদ্ৰৱা থানত তথ্যচিত্ৰৰ দৃশ্যগ্ৰহণৰ কামত পাপন

নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা 

অসমৰ গণশিল্পীৰূপে খ্যাত প্ৰয়াত খগেন মহন্তৰ পুত্ৰ অংগৰাগ পাপন মহন্তই শনিবাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্রৱা থানত গুৰুসেৱা জনায় । বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা নৰোৱা সত্রৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীয়ে পাপনক  গুৰুজনাৰ সংস্কৃতি প্ৰচাৰ-প্ৰসাৰৰ বাবে জগতগুৰুৱে শক্তি দিয়ক বুলি নিৰ্মালী দিয়ে ।

বটদ্ৰৱা থানৰ প্ৰাচীন কীৰ্তিচিহ্ন, পদশিলা, শিলিখা বৃক্ষ, টেম্বুৱানীজানৰ সংৰক্ষিত অংশ বিশেষ, আকাশী গংগাৰ তীৰৰ মনোৰম প্ৰকৃতিৰ নয়নাভিৰাম দৃশ্যৰাজি উপভোগ কৰি আপ্লুত হোৱা সংগীত শিল্পী পাপনে কয় যে জাতীয় ঐতিহ্যৰ শিপা বিচাৰি তেওঁ বটদ্ৰৱা থানলৈ আহিছে ।

বটদ্ৰৱা থানত তথ্যচিত্ৰৰ দৃশ্যগ্ৰহণৰ কামত পাপন

বটদ্ৰৱালৈ আহিবলৈ গুৰুৰ কৃপাদৃষ্টি লাগিব । বটদ্ৰৱা থানৰ চৈধ্য প্ৰসংগৰ গীত-মাত, বাদ্য ভাণ্ডাৰ, নাম-প্ৰসংগৰ প্ৰণালীবদ্ধ চৰ্চা আৰু ব্যৱহাৰিক দিশৰ ওপৰত এখন তথ্যচিত্ৰৰ বিশেষ দৃশ্যগ্ৰহণৰ কামত বটদ্ৰৱাত উপস্থিত হোৱা পাপনক থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ব্ৰজেন কাকতিয়ে  ধৰ্মবস্ত্ৰ আৰু গ্ৰন্থৰে আদৰণি জনায় ।

থান পৰিচালনা সমিতিৰ সহকাৰী সম্পাদক ইন্দ্ৰমোহন বৰুৱাই আঁতধৰা অনুষ্ঠানত কাৰ্যকৰী সভাপতি ভোগেশ্বৰ বৰা, সহকাৰী সম্পাদক যোগেন শইকীয়া, কোষাধ্যক্ষ ঘনশ্যাম নাথ আৰু কাৰ্যনিৰ্বাহক সদস্য পবিত্ৰ শইকীয়াকে ধৰি কেইবাগৰাকীও লোক উপস্থিত থাকে ।

Your Comments