ভূপেন হাজৰিকাৰ মৃত্যু দিৱস উপলক্ষে ৰচনা প্ৰতিযোগিতা

ভূপেন হাজৰিকাৰ মৃত্যু দিৱস উপলক্ষে ৰচনা প্ৰতিযোগিতা

নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা

নগাঁও চহৰৰ সমীপৰ মিলনপুৰৰ আদৰ্শ নগৰ আঞ্চলিক সাংস্কৃতিক চ'ৰাৰ সৌজন্যত বিগত বছৰৰ দৰে এইবাৰো অহা ৫ নৱেম্বৰত  সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ মৃত্যু দিৱসটি আয়োজন কৰা হৈছে ।

এই উপলক্ষে সদৌ অসম ভিত্তিত বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় পৰ্যায়ত দুখন ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে । ৰচনা প্ৰতিযোগিতাৰ বিষয়বস্তু হৈছে-বিদ্যালয় পৰ্যায়ৰ বাবে "আপুনি ভূপেন হাজৰিকাৰ আটাইতকৈ কোনটো গান ভালপায় আৰু কিয় ভালপায়" আৰু মহাবিদ্যালয় তথা বিশ্ববিদ্যালয় পৰ্যায়ৰ বাবে "ভূপেন হাজৰিকাৰ গীতত বিশ্ব ভ্ৰাতৃত্ববোধ" ।

বিদ্যালয় পৰ্যায়ৰ ৰচনাসমূহ ২০০ শব্দ আৰু মহাবিদ্যালয়-বিশ্ববিদ্যালয় পৰ্যায়ত ৩০০-৩৫০ শব্দৰ ভিতৰত হ'ব লাগিব । ৰচনাসমূহ অসমীয়া আৰু ইংৰাজী যিকোনো এটা ভাষাত লিখিব পাৰিব । উল্লেখ্য যে ৫ নৱেম্বৰৰ  ডঃ ভূপেন হাজৰিকাৰ মৃত্যু দিৱসটিৰ দিনা কণ কণ ল'ৰা-ছোৱালীৰ মাজত চিত্ৰাংকন, গীত-মাতৰ সন্ধিয়াৰ লগতে সুধাকণ্ঠৰ দ্বাৰা পৰিচালিত এখন কথাছবি প্ৰদৰ্শন কৰা হ'ব বুলি সভাপতি হেম শৰ্মা আৰু প্ৰবীণ হাজৰিকাই জনাইছে ।

ইচ্ছুক প্ৰতিযোগীয়ে ৰচনাসমূহ অহা ৫ নৱেম্বৰৰ পূৰ্বে সম্পাদক, আদৰ্শ নগৰ আঞ্চলিক সাংস্কৃতিক চ'ৰা, মিলনপুৰ, ডাকঘৰ- নগাঁও, জিলা- নগাঁও, পিন- ৭৮২০০১ এই ঠিকনাত প্ৰেৰণ কৰিব লাগিব । সবিশেষ জানিবৰ বাবে ৯৪৩৫৮১২২৯৮ আৰু ৯১০১৮৫১০৩৭ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ।

Your Comments