নগাাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা
ৰাষ্ট্ৰীয় ফিল্ম চাৰ্টিফিকেশ্বন ব'ৰ্ডৰ সদস্য নিযুক্তি প্ৰক্ৰিয়াৰ অংশ স্বৰূপে অসমৰ ১৫ জন বিশিষ্ট ব্যক্তিক সদস্য হিচাপে নিযুক্তি দিছে ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ে ৷ ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ অধীনস্থ চি বি এফ চি গুৱাহাটীৰ উপদেষ্টা পেনেলৰ সন্মানীয় সদস্য হিচাপে নিযু্ক্তি দিয়া হৈছে শৈলেন্দ্ৰ পাণ্ডে, গায়ত্ৰী মহন্ত, ডঃ জুৰি শৰ্মা, হেমন্ত কুমাৰ চাহু, দয়ালকৃষ্ণ নাথ, অজয় কুমাৰ মাহাতো, অজিত বৰা, ডঃ জয়শ্ৰী পাঠক, অনুৰাগ ৰুদ্ৰ, কবিতা দেৱী, নীতিমা শৰ্মা, প্ৰিয়ংকা বৰুৱা, পূৰবী নাথ চলিহা, ৰঞ্জিত মজুমদাৰ আৰু সত্যৰঞ্জন বৰাক ।
ভাৰত চৰকাৰৰ অৱৰ সচিব পি, কে, ঝাই স্বাক্ষৰ কৰা এক অধিসূচনাৰ জৰিয়তে দুবছৰৰ বাবে দিয়া হৈছে এই নিযুক্তি। এই বিশিষ্ট ব্যক্তিসকলৰ নিযুক্তিত সন্তোষ ব্যক্ত কৰিছে অসমৰ ৰাইজে ৷
- Log in to post comments
- 39 views