নাগৰিকত্ব বিধেয়ক অসমত ধৰ্মীয় মেৰু বিভাজন কৰি বিজেপিয়ে ৰাজনৈতিক মুনাফা লুটিবলৈ গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে ৷ এই অভিযোগ এ আই ইউ ডি এফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ ৷ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি সাংসদ আজমলে কয় যে, বিজেপিৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক্ মুহূর্তত চলে বলে কৌশলে ধৰ্মীয় বিভাজন আনি ৰাজনৈতিক মুনাফা আনিবলৈ তৎপৰ হৈ পৰিছে আৰু এই তৎপৰতাৰ অংশীদাৰী হৈ পৰিছে আঞ্চলিক দল অগপ আৰু বি পি এফৰ নেতৃত্ব ৷
আমাৰ স্পষ্ট মত হ’ল অসম আৰু অসমীয়াৰ ভৱিষ্যতৰ স্বাৰ্থত অসমীয়া ভাষা-সংস্কৃতি ৰক্ষাৰ স্বাৰ্থত অগপ আৰু বি পি এফে সাম্প্ৰদায়িক বিজেপিৰ পৰা আঁতৰি আহি অসমবাসীৰ লগত চামিল হওক ৷ প্ৰয়োজনত অগপই নেতৃত্ব ল’লে আই ইউ ডি এফে বিনা চৰ্তে সমৰ্থন আগবঢ়াব বুলি ব্যক্ত কৰি সাংসদ আজমলে আৰু কয় যে, এ আই ইউ ডি এফৰ পৰা অসমৰ মুখ্য মন্ত্ৰী হোৱাৰ কোনো অভিপ্ৰায় বা কোনো সপোন নাই ৷ গতিকে এ আই ইউ ডি এফৰ নাম লৈ বিজেপিয়ে ৰাজ্যত অপপ্ৰচাৰ চলাই ৰাজ্যত ৰাজনৈতিক পৰিৱেশ তথা সাতামপুৰুষীয়া ঐক্য সংহতি বিনষ্ট কৰিব বিচাৰিছে ৷
এ আই ইউ ডি এফে কেতিয়াও সাম্প্ৰদায়িক ৰাজনীতি কৰা নাই ৷ ইপিনে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এ আই ইউ ডি এফক লৈ মাজুলীত যি বক্তব্য প্ৰদান কৰিছে, ই সংবিধান বিৰোধী আৰু গৰিহণাৰ যোগ্য ৷ কাৰম হিমন্ত বিশ্ব শৰ্মাই পূৰ্বৰে পৰা এনে ধৰণৰ বক্তব্যৰে ৰাইজক বিপথে পৰিচালিত কৰি আহিছে ৷ আমাৰ বিশ্বাস অসমৰ ৰাইজে এনে ধৰণৰ বক্তব্য বিশ্বাস নকৰে ৷
অসমৰ ঐক্য সংহতি ৰক্ষাৰ স্বাৰ্থত অগপ, বি পি এফ আৰু সৰু সৰু দলোবোৰ একত্ৰিত হৈ বিজেপিৰ পৰা আঁতৰি আহি এক সুকীয়া গতিৰে আগবাঢ়িব লাগিব, তেতিয়াহে অসমৰ ভাষা-সংস্কৃতি ৰক্ষা পৰিব, অন্যথা পৰৱৰ্তী লোকপিয়লত অসমীয়া ভাষীৰ সংখ্যা যে পুনৰ হ্ৰাস পাব সেয়া নিশ্চিত বুলি সাংসদ আজমেল আশংকা ব্যক্ত কৰে ৷
- Log in to post comments
- 30 views