পেট্ৰ'লজাত সামগ্ৰীকে মুখ্য কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে ৰাজ্যবাসীক কোঙা কৰাৰ সময়তে চৰকাৰে জনসাধাৰণৰ মূৰত মাধমাৰ সোধাই বাছভাৰা ৩০% শতাংশলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ লোৱাৰ প্ৰতিবাদত আজি নিখিল ভাৰত ছাত্ৰ ফেডাৰেচনৰ বৃহত্তৰ গুৱাহাটী মহানগৰ সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। এআইএছএফৰ মহানগৰ সমিতিৰ সভাপতি হৃষিকেশ কলিতা আৰু যুটীয়া সম্পাদক হিৰক জ্যোতি ডেকাৰ নেতৃত্বত বহুসংখ্যক ছাত্ৰ কৰ্মীয়ে শিলপুখুৰীৰ পৰা দীঘলীপুখুৰী হৈ উপায়ুক্ত কাৰ্যালয়লৈ এক প্ৰতিবাদী সমদল কৰি ছাত্ৰ-ছাত্ৰীৰ বাছভাৰা ৭০% ৰেহাই, ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ বাছ পাছৰ ব্যৱস্থা কৰা, শিক্ষাৰ ব্যক্তিগতকৰণ, সাম্প্ৰদায়িকৰণ বন্ধ কৰাৰ দাবী জনায় ।
প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি এআইএছএফৰ ৰাষ্ট্ৰীয় সম্পাদক তথা ৰাজ্য পৰিষদৰ সভাপতি মানস বৰাই কয় যে বেচৰকাৰী পৰিবহণ সংস্থা সমূহে ৰাজ্যখনত ঠাই বিশেষে ৩০%ৰ পৰা ৭০%লৈকে ভাৰা বৃদ্ধি কৰি সৰ্বসাধৰণৰ মূৰত মাধমাৰ সোধাইছে । ইয়াৰ ফলত আটাইতকৈ অসুবিধা হৈছে শিক্ষাৰ্থীসকলৰ । চৰকাৰেও অত্যাধিক হাৰত ভাৰা বৃদ্ধিৰ প্ৰস্তাৱ লৈছে ।
এআইএছএফে এই ভাৰাবৃদ্ধিৰ প্ৰস্তাৱৰ বিৰোধিতা কৰিছে আৰু ছাত্ৰ-ছাত্ৰীৰ বাছভাৰা ৭০% শতাংশ ৰেহাই দিয়াৰ দাবী জনাইছে । অন্যহাতে ছেবাৰ অন্তৰ্গত মেট্ৰিক পৰীক্ষাৰ মাচুল একে বছৰতে ১১০০ টকালৈ বৃদ্ধি কৰা কাৰ্যৰো তীব্ৰ বিৰোধিতা কৰি সংগঠনটোৱে কয় যে বিজেপি চৰকাৰখনে এফালে যেনেকৈ প্ৰতি বছৰে শিক্ষা খণ্ডত বিনিয়োগ হ্ৰাস কৰি আনিছে অন্যহাতে ৰাজহুৱা শিক্ষা ব্যৱস্থাটোকো অত্যাধিক ব্যয়বহুল কৰি তুলিছে যাৰ ফলত লাখ লাখ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা লাভৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। চৰকাৰে এনে ছাত্ৰবিৰোধী নীতি পৰিত্যাগ নকৰিলে ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ উন্নতিৰ অন্তৰায় হ'ব ৷
- Log in to post comments
- 28 views