ৰহাৰ দুৰ্গাপূজাত অতীতৰ এখন গাঁৱৰ ছবি ৷ আধুনিকতাৰ পৰশ নপৰা গ্ৰাম্য জীৱনৰ মনোৰম দৃশ্য ৷ বাঁহ-খেৰৰ ঘৰ, কাষত গোঁসাই ঘৰ, ভঁৰাল, গোহালি ৷ ঘৰত থাকিব ঢেঁকীশাল, তাঁতশাল, জুহাল, পাকঘৰ, বাঁহৰ চাং আদি ৷
সম্পূৰ্ণ এক গ্ৰাম্য জীৱনৰ ছবি ৷ মূল পূজা মণ্ডপ এটা বিয়াগোম সৰুদৈয়া জাপিৰ তলত ৷ এনে অভিনৱ পূজা মণ্ডপ নিৰ্মাণ কৰিছে ৰহাৰ জ্যোতি সংঘ পূজা সমিতিয়ে ৷ প্ৰতি বছৰে ৰহা জ্যোতি সংঘ পূজা সমিতিয়ে এনেদৰে বিভিন্ন সমলক লৈ মণ্ডপ নিৰ্মাণ কৰি আহিছে ৷
ইয়াৰ আগেয়েও ডাইনছ'ৰৰ পৃথিৱী, কাজিৰঙা, কৈলাস পৰ্বত আদি হুবহু ৰূপত দাঙি ধৰিছিল ৷ এইবাৰ সম্পূৰ্ণ আধুনিকতাৰ পৰশ নপৰা অতীতৰ গ্ৰাম্য জীৱনৰ ছবি ৷ এইবাৰ জ্যোতি সংঘৰ এই মণ্ডপ নিৰ্মাণ কৰিছে ভগৱান সেনাপতিয়ে ৷
ভগৱান সেনাপতিৰ নাম মনত আছেনে ? ৰহাৰ আমনিশালীত ভোগালী বিহুত অভিনৱ ভেলাঘৰ সাজি চমক সৃষ্টি কৰা সেইজন ভগৱা সেনাপতিয়ে এইবাৰ নিৰ্মাণ কৰিছে ৰহা জ্যোতি সংঘৰ এই অভিনৱ পূজা মণ্ডপ ৷
বাঁহ, খেৰ, মৰাপাটৰ ঠাৰি, টকৌপাত আদিৰে নিৰ্মাণ কৰা হৈছে এই গ্ৰাম্য ৰূপৰ পূজা মণ্ডপ ৷ চালেই চকু ৰোৱা হ’ব বুলি ক’ব পাৰি এই পূজা মণ্ডপ ৷ ভাস্কৰ্য শিল্পী ভগৱান সেনাপতিৰ মতে, নৱপ্ৰজন্মই নাজানে অতীতৰ অসমীয়া গ্ৰাম্য জীৱনৰ কথা ৷
সেয়ে নৱপ্ৰজন্মক অতীতৰ সহজ-সৰল গ্ৰাম্য জীৱনৰ ছবি এখনৰ লগত পৰিচয় কৰি দিয়াই তেওঁৰ উদ্দেশ্য ৷
- Log in to post comments
- 124 views