মহামানৱ মহাত্মা গন্ধীৰ ১৫০সংখ্যক জয়ন্তীৰ লগত সংগতি ৰাখি মহাত্মা গান্ধীয়ে অসমত পদাৰ্পণ কৰা স্থানসমূহ ঐতিহাসিক স্থান হিচাপে উন্নয়ন সাধন কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷
ইয়াৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্দেশ দিয়ে যাতে এই স্থানসমূহৰ ঐতিহাসিক গুৰুত্বৰ কথা নৱ-প্ৰজন্মই অনুধাৱন কৰিব পাৰে ৷ মঙলবাৰে মুখ্য মন্ত্ৰীৰ সভাকক্ষত ১৫০সংখ্যক জয়ন্তী উদ্যাপনৰ ওপৰত অনুষ্ঠিত এক বৈঠকত মুখ্য মন্ত্ৰীয়ে এই নিৰ্দেশ দিয়ে ৷
এই বৈঠকতে কেন্দ্ৰীয় চৰকাৰে দুবছৰজোৰা কাৰ্যসূচীৰে গান্ধী জয়ন্তী পালনৰ বাবে দিয়া বিভিন্ন নিৰ্দেশনাৱলী বিতংভাৱে আলোচনা কৰা হয় ৷ বৈঠকত কেন্দ্ৰীয় চৰকাৰে দিয়া নিৰ্দেশনাৱলীৰ উপৰি ৰাজ্য চৰকাৰে নিজাববীয়াকৈ কাৰ্যসূচী গ্ৰহণ কৰি সমগ্ৰ ৰাজ্যখনতে বিস্তৃত ৰূপত গান্ধীজীৰ ১৫০সংখ্যক জয়ন্তী পালন কৰাৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰে ৷
বৈঠকত মুখ্য মন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰে দিয়া ৩০টা নিৰ্দেশনাৱলী ৰাজ্যখনত যাতে সঠিকভাৱে ৰূপায়িত কৰা হয় তাৰবাবে প্ৰতিটো বিভাগকে নিৰ্দেশ দিয়ে ৷ ৰাজ্যখনৰ যুৱ-প্ৰজন্মই যাতে গান্ধীজীৰ দৰ্শন আৰু কৰ্মৰাজিৰ বিতং আভাষ লাভ কৰিব পাৰে তাৰবাবেও যথোচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ শিক্ষা বিভাগক নিৰ্দেশ দিয়ে ৷
এই বৈঠকত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী নৱ কুমাৰ দলে, সচিব আলোক কুমাৰ, অতিৰিক্ত মুখ্য সচিবদ্বয় ৰবি কুমাৰ আৰু কুমাৰ সঞ্জয় কৃষ্ণকে ধৰি বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল ৷
- Log in to post comments
- 6 views