মাজুলীত মিচিং ঢোল বাদন-নৃত্য কৰ্মশালা সম্পন্ন

মাজুলীত মিচিং ঢোল বাদন-নৃত্য কৰ্মশালা সম্পন্ন

মাজুলীৰ পৰা ৰাজীৱ পাতিৰ

মিচিং ঢোল বাদন আৰু নৃত্যক গতিশীল কৰাৰ উদ্দেশ্যে যোৱা ১ অক্টোবৰৰ পৰা সপ্তাহজোৰা কাৰ্যসূচীৰে মাজুলীৰ গড়মূৰত মিচিং ঢোল বাদন আৰু নৃত্যৰ কৰ্মশালা আজি সফলভাৱে সামৰণি পৰে ।

সামৰণী অনুষ্ঠানত প্ৰশিক্ষক তথা সদৌ মিচিং ঢোলবাদক সন্থাৰ সভাপতি একলব্য গাম, মিচিং আগম কেবাঙৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰভাত মিলি, বিশিষ্ট শিল্পী হেমচন্দ্ৰ কুটুম, অনাতাঁৰ শিল্পী অমিয় চিৰাং, টি এম পি কেৰ মাজুলী জিলা সমিতিৰ সভাপতি নৃপেন কামান, সম্পাদক টুটু পাংগিং, এম এম কেৰ মাজুলী জিলা সমিতিৰ সভাপতি উমা পাঠৰী, উপ-সভাপতি ৰাজীৱ পেগু উপস্থিত থাকে ।

অসম তথা অৰুণাচলৰ বিভিন্ন চুকে-কোণে সিঁচৰতি হৈ কথা মিচিং জনগোষ্ঠীৰ বাৰেবৰণীয়া সাংস্কৃতিক সমল ক্ৰমে ঢোল বাদন আৰু বিভিন্ন সংস্কৃতিসমূহক সংগঠিত কৰি নতুন মাত্ৰা প্ৰদানৰ উদ্দেশ্যে আয়োজন কৰা এই কৰ্মশালাত অসমৰ প্ৰায় ডেৰ শতাধিক শিল্পীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰে ।

অনুষ্ঠান আঁতধৰে সদৌ অসম ঢুলীয়া সন্থাৰ সম্পাদক মনোজ কামানে ।

Your Comments