গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
ওৰোটো জীৱন সংস্কৃতিৰ সাধনা কৰা গোলাঘাট আহোম গাঁও নিবাসী সাংস্কৃতিক কৰ্মী খেতেকেশ্বৰ গগৈ আজিও উপেক্ষিত হৈ আছে শিল্পী পেন্সনৰ পৰা ৷ পেচাত এগৰাকী শিক্ষকৰূপে সমাজলৈ আগবঢ়োৱা বৰঙণিৰ লগতে গগৈয়ে মুঠ ২২টাকৈ বাদ্যযন্ত্ৰ পৰিৱেশন কৰি নিজৰ প্ৰতিভাৰ পৰিচয় দিবলৈ সক্ষম হৈছে ৷
১৯৩৯ চনত জন্মগ্ৰহণ কৰা গগৈ সমাজত মইনা গগৈ ৰূপেহে অধিক জনাজাত ৷ ১৯৫৩-৫৪ চনত হাৰমনিয়াম-তবলাৰ শিক্ষাগ্ৰহণ কৰাৰ পিছত ১৯৫৫ৰ পৰা ১৯৫৯ চনলৈকে পশ্চিমীয়া বাদ্য সংগীতৰ শিক্ষাও গ্ৰহণ কৰে ৷
থলুৱা বাদ্য খোল, ঢোল, মৃদং, হাৰমনিয়াম, তবলা, মুৰুলী, সূতুলী, কেচিয়াৰ, মঞ্জিৰা, বৰতাল, দোতৰা, পেঁপা, দগৰ, ঢোলকী, শঙ্খ আদি অতি সুন্দৰকৈ পৰিৱেশন কৰাৰ লগতে পশ্চিমীয়া বাদ্য ড্ৰাম, ছাইড ড্ৰাম, কৰ্ণেট ক্লাইনেট, ট্ৰামপেট, পকেট কৰ্ণেট, বেগ পাইপ আদিৰ দৰে হেৰাই যাব ধৰা বাদ্যও সংগত কৰে ৷
৮০ বছৰ বয়সত ভৰি দিয়া গগৈয়ে বৰ্তমানেও এই সাধনা অব্যাহত ৰাখিছে ৷ ১৯৬৪-৬৫ চনত মাজুলীৰ গড়মূৰ সত্ৰত ৰাসলীলা সম্পর্কত শিক্ষা লৈ গৃহ জিলাৰ দৰঙ্গী স্কুল, বৰফুকনখাত নামঘৰ, আহোম গাঁও নামঘৰ, চুঙাজান ৰঙ্গমঞ্চ, গমাৰি আদি ঠাইত সম্পূর্ণ ৰাসলীলা পৰিচালনা কৰি ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল ৷
১৯৯৭ চনত চাকৰি জীৱনৰ পৰা অৱসৰ লোৱা গগৈয়ে অসমীয়াৰ প্ৰাণ বিহুক পৰম্পৰাগত ৰূপত সমাজৰ যুৱচামক শিকাই হুঁচৰি দল গঠন কৰি অসমৰ বিভিন্ন প্ৰতিযোগিতাত অংশ লৈ পদক বুটলিবলৈ সক্ষম হৈছিল ৷
ইয়াৰ লগতে ১৯৯৪ চনত ‘সহজ চিত্ৰাঙ্কন’ নামেৰে এখনি গ্ৰন্থও ছপা কৰি উলিয়াইছিল ৷ উল্লেখ্য যে ২০০১ চনত গগৈ পঞ্চায়ত নিৰ্বাচনত সদস্য পদত নিৰ্বাচিত হৈ ৫ বছৰ কাল সমাজসেৱা কৰাৰ সুবিধা পাইছিল ৷
এসময়ৰ অসমীয়া সমাজৰ বিবাহ অনুষ্ঠানত অতিকৈ প্ৰিয় ‘বেণ্ড পাৰ্টী’ৰ পৰিচালনা কৰা গগৈয়ে কেইবাযোৰ বেণ্ড পাৰ্টীক শিক্ষা প্ৰদানো কৰিছিল ৷ যাৰবাবে সেই সময়ছোৱাত গগৈয়ে ‘বেণ্ড মাষ্টাৰ’ উপাধিও লাভ কৰিছিল ৷
সামাজিক-সাস্কৃতিক ক্ষেত্ৰখনত ইমানখিনি অৱদানৰ পিছতো গগৈৰ যেন কাৰো প্ৰতি ক্ষোভ বা আক্ষেপ নাই ৷ বৰ্তমান গোলাঘাটত তেখেততকৈ কম অৱদান আগবঢ়োৱা বহুজন শিল্পীয়ে শিল্পী পেন্সন লাভ কাৰত গোলাঘাটৰ সাংস্কৃতিক মহলত এক ক্ষোভৰ উদ্গীৰণ হোৱাৰ লগতে সময় থাকোঁতে যোগ্যজনে এই সন্মান লাভ কৰিব লাগে বুলি চৰকাৰক আহ্বান জনাইছে ৷
- Log in to post comments
- 89 views