ৰাষ্ট্ৰীয় টেলিভিছন চেনেল &TV ৰ জনপ্ৰিয় অনুষ্ঠান 'লাভ মি ইণ্ডিয়া'ত হিন্দী গীত পৰিবেশন কৰি পূব মণ্ডলৰ ভিতৰত শীৰ্ষ-১২ স্থান দখল কৰি নিজৰ পাৰদৰ্শিতাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে দীপশিখা ভূঞাই ।
গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ (কলা শাখা) ছাত্ৰী দীপশিখাৰ ঘৰ গহপুৰ মহকুমাৰ অন্তৰ্গত কলাবাৰী গাগল গাঁৱত ।
তেওঁ গাগল গাঁও নিবাসী নন্দ ভূঞা আৰু মঞ্জু ভূঞাৰ জীয়াৰী । দীপশিখাই সফলতা লাভ কৰাৰ ক্ষেত্ৰত প্ৰয়োজন হৈছে সকলোৰে মৰম আৰু আশীৰ্বাদ ।
- Log in to post comments
- 29 views