অৰুণজিৎ বৰাৰ পৰিচালনাত নতুন অসমীয়া ছবি 'মিডনাইট ছং'ৰ দৃশ্যগ্ৰহণ সমাপ্ত

অৰুণজিৎ বৰাৰ পৰিচালনাত নতুন অসমীয়া ছবি 'মিডনাইট ছং'ৰ দৃশ্যগ্ৰহণ সমাপ্ত

ৰীমা দাসৰ 'ভিলেজ ৰকষ্টাৰ্ছ'-এ অভূতপূৰ্ব গৰিমা কঢ়িয়াই অনাৰ সময়তে অসমৰ চলচ্চিত্ৰ জগতত সংযোজিত হ'বলৈ আগবাঢ়িছে আন এখন ছবি 'মিডনাইট ছং' ৷ ইতিমধ্যে চিত্ৰগ্ৰহণ সমাপ্ত হোৱা 'মিডনাইট ছং' ছবিখন নিৰ্মাণৰ কথা আজি গুৱাহাটীত আনুষ্ঠানিকভাৱে ঘোষণা কৰে পৰিচালক অৰুণজিৎ বৰাই ৷

মানৱীয় সম্পৰ্কত বিভিন্ন সময়ত দেখা দিয়া সমস্যা, সংঘাতক বিষয়বস্তু হিচাপে লৈ নিৰ্মিত এখন ৰহস্যঘন, পাৰিবাৰিক আবেগসমৃদ্ধ ছবি 'মিডনাইট ছং' ৷ ছবিখনৰ পৰিচালক অৰুণজিৎ বৰা বলীউডৰ ছবি জগতখনৰ সৈতে দীৰ্ঘ দিন ধৰি জড়িত ৷

অৰুণজিৎ বৰাৰ পৰিচালনাত নতুন অসমীয়া ছবি 'মিডনাইট ছং'ৰ দৃশ্যগ্ৰহণ সমাপ্ত

বলীউডৰ বহু শীৰ্ষ ছবি নিৰ্মাতাৰ সৈতে কাম কৰাৰ অভিজ্ঞতাৰে পুষ্ট ৷ আনহাতে, 'মিডিয়া পিপ'ল'ৰ বেনাৰত ছবিখনৰ প্ৰযোজনা কৰিছে অপৰাজিতা ভূঞাই ৷
'মিডনাইট ছং'ৰ মূল চৰিত্ৰত অভিনয় কৰিছে কল্পনা কলিতা, মনোজ বৰকটকী আৰু ৰূপম চেতিয়াই ৷

লক্ষণীয়ভাৱে হলীউড, বলীউডৰ বহু শিল্পীৰ অংশগ্ৰহণ আৰু সহযোগিতাত নিৰ্মাণ কৰা অসমীয়া ছবিখনৰ দৃশ্যগ্ৰহণ মাত্ৰ ১০ দিনতে সম্পূৰ্ণ কৰা হৈছে ৷ দৃশ্যগ্ৰহণকাৰী মুম্বাইৰ অৰবিন্দ যাদৱ ৷ প্ৰসিদ্ধ লেখক সঞ্জীৱ গিৰিৱাৰৰ 'দ্য লাষ্ট নাইট'ৰ আধাৰত আগবাঢ়িছে ছবিখনৰ কাহিনী ৷

অৰুণজিৎ বৰাৰ পৰিচালনাত নতুন অসমীয়া ছবি 'মিডনাইট ছং'ৰ দৃশ্যগ্ৰহণ সমাপ্ত

চিত্ৰনাট্য অৰুণজিৎ বৰাৰ ৷ সংগীত ছবিখনৰ আন এক সুন্দৰ অলংকাৰ ৷ অসমীয়া আৰু ইংৰাজী ভাষাৰ সংমিশ্ৰণেৰে সৃষ্টি কৰা হৈছে ছবিখনৰ একমাত্ৰ গীতটো ৷ আমেৰিকান সংগীতকাৰ মেগন স্কটে ৰচনা কৰা গীতটোৰ কথা ৰাজদ্বীপ আৰু মেগন স্কটৰ ৷

আৱহ সংগীত জাৰ্মানীৰ সংগীতজ্ঞ ৱেনিছা ডনিলীৰ ৷ গীতটোত কণ্ঠ দিছে মেগন স্কট আৰু জুবলীয়ে ৷ ছাউণ্ড ডিজাইনিং আৰু আৰ আৰ মিক্সাৰ দেৱজিৎ চাংমাইৰ ৷ সম্পূৰ্ণ আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰে নিৰ্মাণ হোৱা প্ৰথমখন অসমীয়া ছবি 'মিডনাইট ছং'-এ নতুনত্ব কঢ়িয়াব বুলি আশা কৰা হৈছে ৷

ছবিখনৰ বাণিজ্যিক দিশটোৰ লগতে জনসংযোগৰ দায়িত্বত আছে প্ৰিয়ংকা বৰুৱা ৷

Your Comments