বঙাইগাঁৱৰ পৰা প্ৰনৱ ডেকা
যিটো সময়ত অসমৰ পেশাদাৰী নাট্যদলসমূহে ধাৰ কৰা কাহিনীৰে হিন্দী চিনেমাৰ আৰ্হিত প্ৰদৰ্শন কৰা নাটকে আগ্ৰহী দৰ্শকক বিমুখ কৰাৰ লগতে ৰুচিশীল নাট্যপ্ৰেমীক বিৰক্ত কৰিছে, তেনে সময়তে অসমৰ চুকে-কোণে বিভিন্ন অপেশাদাৰী নাট্যদলসমূহে প্ৰকৃত নাট্য পৰম্পৰা অটুট ৰাখি শ্ৰোতা-দৰ্শকৰ অন্তৰ চুই যোৱা মৌলিক নাটকেৰে অসমৰ নাট্য পৰম্পৰা ধৰি ৰাখিবলৈ নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । নিঃসন্দেহে এয়া এক অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ আশাৰ বতৰা বুলি ক'ব পাৰি ।
তেনেকুৱা এটা উদ্দেশ্য আগত ৰাখিয়ে শনিবাৰে বঙাইগাঁও চহৰৰ বৰপাৰা নৱজেউতি ক্লাৱৰ সৌজন্যত স্থানীয় বীৰঝৰা পাব্লিক লাইব্ৰেৰীত মঞ্চস্থ হয় প্ৰয়াত লক্ষ্যধৰ চৌধুৰীদেৱৰ এখনি মৌলিক নাট "ঠিকনা" ৷ আত্ম-আভিজাত্যৰে গৰ্বিত এগৰাকী পিতৃয়ে আধুনিকতাৰ ধামখুমীয়াত উটি-ভাঁহি নগৈ নিজৰ সাতামপুৰুষীয়া ৰীতি-নীতিকে খামোচ মাৰি ধৰি পৰলোক গমণ কৰাৰ পিছত তেঁৱৰ ভৱিষ্যৎ বংশধৰসকলে কেনেকৈ নিজৰেই ঠিকনা হেৰাই পেলালে তাকেই মূল বিষয়বস্তু হিচাপে লৈ নাটকখনৰ কাহিনীভাগ ৰচিত। ''ঠিকনা''এখন সুন্দৰ মননশীল তথা উপভোগ্য, বাৰ্তাবাহী নাটক । নাটকখন উপভোগ কৰি আপ্লুত হৈ পৰে দৰ্শকসকল ৷
উল্লেখ্য যে অপেশাদাৰী নাট্যদল এটাৰ শিল্পীসকলে নাটক এখন মাটিৰ আখৰাৰ পৰা মঞ্চলৈ অনাৰ মুহুৰ্তলৈকে কিমান সময়, শক্তি, সামৰ্থ্য তথা অৰ্থ ব্যয় কৰিবলগীয়া হয় তাক ভুক্তভোগীসকলেহে জানে। এইক্ষেত্ৰত নৱজেউতি ক্লাবৰ শিল্পীসকল সঁচাকৈ ধন্যবাদৰ পাত্ৰ। অতি সীমিত সা-সুবিধাৰে "ঠিকনা"ৰ নিচিনা এখনি কালজয়ী নাটক উপহাৰ দিবলৈ কৰা তেওঁলোকৰ প্ৰচেষ্টাক সাধুবাদ দিবই লাগিব। নাটকখনৰ মূল আকৰ্ষণ আছিল অভিনয় শিল্পীসকলৰ দলগত অভিনয়ৰ চমক। প্ৰতিগৰাকী শিল্পীয়ে নাটকৰ চৰিত্ৰৰ মাজত সোমাই পৰি নিজৰ নিজৰ উৎকৃষ্ট প্ৰদৰ্শন দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে।
পৰিচালকে প্ৰতিগৰাকী শিল্পীৰ পৰাই উৎকৃষ্ট অভিনয় আদায় কৰিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত পৰিচালক পংকজ শৰ্মা এশ শতাংশই সফল বুলি ক'ব পাৰি৷ অভিনয়ৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰিত্ৰ গজানন হাজৰিকাৰ চৰিত্ৰত অভিনয় কৰা শংকৰ সৰকাৰৰ অভিনয়ে উপস্থিত দৰ্শকক অভিভূত কৰি তোলে । আনফালে একমাত্ৰ নাৰী চৰিত্ৰ তৰুৰ চৰিত্ৰত সুজাতা সৰকাৰৰ অভিনয় আছিল অতি উৎকৃষ্ট মানৰ ।
আন এটা উল্লেখযোগ্য চৰিত্ৰ অখিলৰ চৰিত্ৰত হিমু কলিতাৰ অভিনয়ে দৰ্শকক বিশেষভাৱে আমোদ দিবলৈ সক্ষম হয় । তিখৰৰ চৰিত্ৰত কৃষ্ণান্ত দাসৰ অভিনয়ো আছিল মন পৰশা । শিশু শিল্পী তন্মায় তথাগতৰ অভিনয়ত পোৱা গ'ল সম্ভাৱনা আৰু প্ৰাচুৰ্য্যতা । আনহাতে বিপুলৰ চৰিত্ৰত কিশোৰ ৰাজবংশী, টেঃ পিয়নৰ চৰিত্ৰত দ্বিজেন গোস্বামী (টাপু), ৰিক্সাৱালাৰ চৰিত্ৰত মানিক সৰকাৰ, ডাক পিয়নৰ চৰিত্ৰত নয়ন বৰুৱাৰ অভিনয় আছিল চৰিত্ৰই দাবী কৰা ধৰণৰ ।
বাপুটিৰ চৰিত্ৰত ক্ষন্তেক সময়ৰ কাৰণে ভূমুকি মাৰিয়ে অভিনেতা-পৰিচালক পংকজ শৰ্মাই দৰ্শকক চমক দিব পাৰিছে । দিগন্ত ৰায়ৰ সংগীত পৰিচালনাৰে দীপক দাসৰ আৱহ সংগীত আৰু নলিন সুত্ৰধৰ, অমিত ব্ৰহ্মৰ সংগীত ব্যৱস্থাপনাই নাটকখনক এক সুকীয়া মাত্ৰা প্ৰদান কৰে ।
নাটকখন চলি থাকোতে প্ৰেক্ষাগৃহত কাঁহ পৰি জীন যোৱা পৰিৱেশে "ঠিকনা" মঞ্চায়নৰ সঠিক সফলতাৰ স্বাক্ষৰ বহন কৰে বুলি গৃহাভিমুখী দৰ্শকে একেমুখে মন্তব্য কৰে ।
- Log in to post comments
- 72 views