ফ্ৰান্সক সপ্তম স্থানলৈ স্থানচ্যুত কৰি ভাৰত বিশ্বৰ ষষ্ঠ বৃহৎ অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হৈছে। ২০১৭ বৰ্ষৰ জিডিপিৰ বিশ্ব বেংকৰ তথ্য অনুযায়ী দেশখনে এই স্থান লাভ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে ২০১৭ বৰ্ষত ভাৰতৰ জিডিপি আছিল ২.৫৯৭ ট্ৰিলিয়ন ডলাৰ, যিটো ফ্ৰান্সতকৈ কিছু বেছি (২.৫৮২ ট্ৰিলিয়ন ডলাৰ)। অৱশ্যে ফ্ৰান্সৰ জনমূৰি জিডিপি ভাৰততকৈ ২০ গুণ বেছি। ভাৰতৰ স্থান ব্ৰিটেইনৰ পিছতে, যাৰ ২০১৭ৰ জিডিপি হ’ল ২.৬২২ ট্ৰিলিয়ন ডলাৰ। এই তালিকাত ১৯.৩৯০ ট্ৰিলিয়ন ডলাৰেৰে আমেৰিকাৰ স্থান শীৰ্ষত। দ্বিতীয় স্থানত আছে ১২.২৩৭ ট্ৰিলিয়ন ডলাৰেৰে চীন। জাপান আৰু জাৰ্মানীৰ স্থান হ’ল ক্ৰমে তৃতীয় আৰু চতুৰ্থ। আনহাতে, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ পূৰ্বানুমান অনুযায়ী ভাৰতৰ অৰ্থনীতিৰ বিকাশৰ হাৰ ২০১৮ চনত ৭.৪ শতাংশ আৰু ২০১৯ চনত ৭.৮ শতাংশ হ’ব। এই ক্ষেত্ৰত ২০১৮ চনত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ অৰ্থনৈতিক বিকাশৰ বিশ্ব গড় ৩.৯তকৈ ভাৰতৰ অধিক দ্ৰুত হ’ব।
- Log in to post comments
- 19 views